ETV Bharat / state

মাতৃভূমি পালেহি শ্বহীদ প্ৰণয় কলিতাৰ নশ্বৰদেহ

author img

By

Published : Jul 31, 2020, 4:33 PM IST

এয়াৰ এছিয়াৰ এক বিশেষ বিমানযোগে বৰঝাৰ বিমানবন্দৰলৈ অনা হয় মণিপুৰৰ ভয়ংকৰ আক্ৰমণত নিহত হোৱা শ্বহীদ প্ৰণয় কলিতাৰ নশ্বৰদেহ ৷ মণিপুৰৰ চণ্ডেলৰ ম্যানমাৰ সীমান্তৰ সমীপত অসম ৰাইফলছৰ জোৱানৰ ওপৰত চলোৱা এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে ৷ এই এম্বুশ্বত শ্বহীদ হৈছিল অসম ৰাইফলছৰ তিনিগৰাকী জোৱান ৷

deadbody of Assam rifles martyr pranay kalita reached airport kamrup assam etv bharat news
মাতৃভূমি পালেহি শ্বহীদৰ নশ্বৰদেহ

আজাৰা,31 জুলাই: অৱশেষত মাতৃভূমিত উপস্থিত হ’ল শ্বহীদ প্ৰণয় কলিতাৰ নশ্বৰদেহ ৷ এয়াৰ এছিয়াৰ এক বিশেষ বিমানযোগে মণিপুৰৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ অনা হয় শ্বহীদ গৰাকীৰ নশ্বৰদেহ ৷ মণিপুৰত বিগত বুধবাৰে নিশা অসম ৰাইফলছৰ জোৱানৰ ওপৰত উগ্ৰপন্থীয়ে চলোৱা ভয়ংকৰ আক্ৰমণত নিহত হৈছিল জোৱান গৰাকী ৷ জোৱানগৰাকীৰ নশ্বৰদেহত সামৰিক মৰ্যদাৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপনৰ অন্তত এম্বুলেঞ্চৰ সহায়ত লৈ যোৱা বৰপেটা জিলাৰ পাঠশালাৰ সাদেৰীস্থিত বাসগৃহলৈ ৷ শ্বহীদগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ বিমানবন্দৰত উপস্থিত হৈছিল আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা,CISF কমাণ্ডেণ্ট লালমোহন ঠাকুৰৰ লগতে আৰক্ষীৰ অন্যান্য উচ্চ পৰ্যায়ৰ বিষয়াসকল ৷

মাতৃভূমি পালেহি শ্বহীদৰ নশ্বৰদেহ

উল্লেখ্য যে,মণিপুৰৰ চণ্ডেলৰ ম্যানমাৰ সীমান্তৰ সমীপত অসম ৰাইফলছৰ জোৱানৰ ওপৰত চলোৱা এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে ৷ এই এম্বুশ্বত শ্বহীদ হৈছিল অসম ৰাইফলছৰ তিনিগৰাকী জোৱান ৷

লগতে চাওকঃ পকীৰ পৰিৱৰ্তে বাঁহেৰে ৰেলিং সাজি দায়িত্ব সামৰিছে গড়কাপ্তানী বিভাগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.