কামৰূপ,12জানুৱাৰী: দক্ষিণ কামৰূপৰ মিৰ্জাৰ সমীপৰ তিনিআলিত সোমবাৰে নিশা উদ্ধাৰ হয় এটি মৃতদেহ । কামাখ্যা-যোগীঘোপা সংযোগী ৰেলপথৰ ওপৰত উদ্ধাৰ হয় এই মৃতদেহটো । বৰ্তমানলৈও উদ্ধাৰ হোৱা নাই লোকজনৰ পৰিচয় । লোকজনক কোনো ৰেলে মহতিয়াই নিয়াৰ সন্দেহ কৰা হৈছে যদিও ৰেলৰ পৰা বাগৰি পৰাৰ সন্দেহ কৰিছে আন একাংশ লোকে । ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ আনে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷
অন্য এক খবৰৰ বাবে: কোকৰাঝাৰত উদ্ধাৰ পৌৰাণিক যুগৰ ৰূপৰ মুদ্ৰা