বকো, 8 জুলাই : কামৰূপ জিলাৰ বকোত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন চুপাৰ স্প্লেন্ডাৰ (AS-01-AM- 4156) বাইকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় এখন টাটা আল্ট্ৰা (AS-25-EC-9868) বাছৰ । এই দুৰ্ঘটনাত বাইক আৰোহী তথা প্ৰাক্তন ভাৰতীয় সেনা বিষয়া পৱিত্ৰ কুমাৰ ৰাভাৰ থিতাতে নিহত হয় ৷ মৃত পৱিত্ৰ কুমাৰ ৰাভাৰ ঘৰ বকোৰ চ'কাবাহাত বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, বকোত বজাৰ কৰি ঘৰলৈ ওভতাৰ পথতে গোৱালপাৰাৰ পৰা মিৰ্জা অভিমুখী বাছখনে মুখামুখিকৈ বাইকত খুন্দা মৰাৰ ফলত থিতাতে মৃত্যু হয় ৰাভাৰ । ইফালে তীব্ৰ বেগী বাছখনেও বাইকখনত খুন্দিওৱাৰ পিছত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা বিদ্যুৎ প্ৰবাহী খুঁটাত খুন্দা মাৰি খাৱৈত বাগৰি পৰে ।
দুৰ্ঘটনাটোত বাছ চালকসহ বহু কেইজন যাত্ৰী আহত হয় আৰু তেওঁলোকক স্থানীয় ৰাইজৰ সহযোগত বকো আৰক্ষীয়ে বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক : চিৰাঙত সহস্ৰাধিক লোকৰ বিপিএফত যোগদান