ৰঙিয়া,21ফেব্ৰুৱাৰীঃ ৰঙিয়াত ধোঁৱাচাঙত উঠিছে পানী যোগান আঁচনি ৷ ৰঙিয়াৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত পানী যোগান আঁচনিসমুহৰ প্ৰায় 80 শতাংশ বৰ্তমান বিকল হৈ আছে । তেনে এক আঁচনি হৈছে ৰঙিয়া সংমণ্ডলৰ অধীনৰ ২নং ডিমু পানী যোগান আঁচনি । ২০০৮ চনত সম্পূৰ্ণ হোৱা এই আঁচনিখনৰ পৰা স্থানীয় ৰাইজে লাভ কৰা নাই কোনো ধৰণৰ সুবিধা ৷
আঁচনিখন আৰম্ভ হোৱাৰ পৰা কিছুদিনলৈ পানী যোগান ধৰি আহিছিল যদিয়ো পিছত পানী যোগান বন্ধ হৈ পৰে ৷ আঁচনিখন মুকলিৰ কিছুদিন পিছতে ৰাইজে ইয়াৰ অনিয়মসমূহ ধৰা পেলাই বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল । পিছে চকু মুদা কুলিৰ ভাও ধৰা বিভাগীয় কৰ্তৃপক্ষই এই বিষয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । সম্প্ৰতি ব্যৱহাৰৰ অভাৱত কেইবালাখটকীয়া মেচিন সমুহ জহি-খহি গৈছে ৷ অনাগত সময়ত জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে অনুৰোধ জনায় ৷
লগতে চাওকঃচিটি বাছৰ বিৰুদ্ধে অভিযান পৰিবহন বিভাগৰ