ETV Bharat / state

বিভিন্ন ৰে’লৱে সমস্যাৰ বিৰুদ্ধে চিপিআই(এম)ৰ প্ৰতিবাদ

শুকুৰবাৰে ৰঙিয়া জংচনৰ সন্মুখত বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী চিপিআই(এম)ৰ ৷ ৰাজ্যত উত্তৰ-পূৱ সীমান্ত ৰে’লৱে বাতিল কৰা 13 খন ৰে’ল বাহাল ৰখা আৰু ভাড়া বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দলটোৰ ৷

cpi m protest in rangia
বিভিন্ন ৰে’লৱে সমস্যাৰ বিৰুদ্ধে চিপিআই(এম)ৰ প্ৰতিবাদ
author img

By

Published : Dec 12, 2020, 10:23 AM IST

ৰঙিয়া,12 ডিচেম্বৰ : ৰাজ্যত উত্তৰ-পূৱ সীমান্ত ৰে’লৱে বাতিল কৰা 13 খন ৰে’ল বাহাল ৰখা আৰু ভাড়া বৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে ৰঙিয়া জংচনৰ সন্মুখত বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে চিপিআই(এম)য়ে ৷ দলটোৰ শতাধিক কৰ্মীয়ে হাতে হাতে প্লে’কাৰ্ড আৰু বেনাৰ লৈ কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসমত স্থানীয় ৰে’ল বন্ধ কৰা নচলিব, স্থানীয় ৰে’লসমূহ চলাৰ ব্যৱস্থা কৰক, এম‌এচটি টিকটৰ ব্যৱস্থা কৰক আদি শ্ল’গানেৰে বিক্ষোভস্থলী উত্তাল কৰি তোলে ।

বিক্ষোভকাৰীসকলে আয়োজন কৰা প্ৰতিবাদী সভাত ৰাজ্যত ক’ভিডৰ বাবে প্ৰায় 9 মাহ ধৰি স্থানীয় ৰে’লসমূহ বন্ধ থকাৰ ফলত দৈনন্দিন ৰে’ল যাতায়াত কৰা লোকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰে জ্যেষ্ঠ চিপিআই(এম) নেতা বিবেকানন্দ অধিকাৰীয়ে ৷

cpi m protest in rangia
বিভিন্ন ৰে’লৱে সমস্যাৰ বিৰুদ্ধে চিপিআই(এম)ৰ প্ৰতিবাদ

লগতে তেওঁ কয় যে, ইতিমধ্যে মুম্বাইৰ দৰে ভয়াৱহ কৰ’ণা সংকট হোৱা ৰাজ্যতো স্থানীয় ৰে’লৰ চলাচল আৰম্ভ হৈছে । কিন্তু অসমত স্থানীয় ৰে’লসমূহ বৰ্তমানলৈকে বন্ধ ৰখাটো ৰে’ল বিভাগৰ বৈষম্যমূলক আচৰণ ৷

সভাৰ অন্তত তেওঁ ষ্টেচন অধীক্ষকৰ জৰিয়তে ভাড়া বৃদ্ধি বন্ধ কৰা, সকলো ৰে’লৰ চলাচল আৰম্ভ কৰা, 13 খনকৈ ৰে’ল বাতিলৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা, দ্বৈত ৰে’লপথৰ কাম শীঘ্ৰেই আৰম্ভ কৰাৰ দাবীৰে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধকলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : সাংবাদিক ধীৰু মনি গগৈৰ "নিষিদ্ধ যোদ্ধা, দ্য আনট'ল্ড ষ্ট'ৰীজ" উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.