ETV Bharat / state

বহু প্ৰতীক্ষাৰ অন্তত অসম পালে মহামাৰীৰ ভেকচিন

অসম পালে কৰ'ণাৰ ভেকচিন ৷ 20 টা কাৰ্টন অনা হৈছে ৷ ইয়াৰে 17 টা কাৰ্টন অসমৰ বাবে আৰু 3 টা কাৰ্টন মেঘালয়ৰ বাবে অনা হৈছে ৷

author img

By

Published : Jan 12, 2021, 6:56 PM IST

Updated : Jan 12, 2021, 7:34 PM IST

Covid Vaccine Reached in assam
বহু প্ৰতীক্ষাৰ অন্তত অসম পালে মহামাৰীৰ ভেকচিন

দক্ষিণ কামৰূপ, 12 জানুৱাৰী : অৱশেষত অসম আহি পালে কৰ'ণাৰ ভেকচিন । বহু প্ৰতিক্ষাৰ অন্ত পেলাই পুণেত প্ৰস্তুত হোৱা ভেকচিন আহি পালে গুৱাহাটী । পুণেৰ পৰা স্পাইচ জেটৰ SG-7715 নম্বৰৰ বিশেষ বিমানযোগে কলিকতা হৈ গুৱাহাটী বিমান বন্দৰ পালে কৰ'ণাৰ প্ৰতিষেধক ৷ বিমান বন্দৰত স্বাস্থ্য বিভাগে গ্ৰহণ কৰিলে ভেকচিন সমূহ । স্পাইচ জেট বিমানযোগে মুঠ 20 টা কাৰ্টন লৈ অনা হৈছে গুৱাহাটীলৈ ৷ ইয়াৰে 17 টা কাৰ্টন অসমৰ আৰু 3 টা কাৰ্টন মেঘালয়লৈ প্ৰেৰণ কৰা হয় ।

মুঠ 2 লাখ 15 হেজাৰ ভেকচিন লৈ অনা হৈছে অসমলৈ । এই ভেকচিনসমূহ 2 ৰ পৰা 8 ডিগ্ৰী চেলছিয়াচত সংৰক্ষণ কৰা হ'ব । প্ৰথম অৱস্থাত স্বাস্থ্যকৰ্মী আৰু ক'ভিডযোদ্ধা সকলক প্ৰদান কৰা হ'ব ৷ বৰ্তমান আহি পোৱা ভেকচিনেৰে প্ৰায় 1 লাখ লোকক প্ৰদান কৰিব পৰা যাব । অৱশ্যে, পৰৱৰ্তী সময়তো পুণেৰ পৰা ভেকচিন আহি থাকিব বুলি জানিব দিয়ে স্বাস্থ্য বিভাগে ৷

লগতে পঢ়ক : 5 বজাত গুৱাহাটী পাব কোভিড-19 প্ৰতিষেধক কঢ়িয়াই অনা বিশেষ বিমান

Last Updated : Jan 12, 2021, 7:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.