ETV Bharat / state

বকোত ১৮ বছৰৰ ঊৰ্ধৰ ব্যক্তিক ক'ভিড ভেকচিন প্ৰদান

author img

By

Published : May 8, 2021, 7:43 PM IST

ক’ভিড-19 সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ জিলাৰ বকোত 18 বছৰ ঊৰ্ধৰ লোকক প্ৰদান কৰা হয় ক’ভিড-19ৰ ভেকচিন ৷ শনিবাৰৰ দিনটোত বকো খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত পুৰুষ মহিলা সামৰি 100 গৰাকী লোকক ক’ভিড ভেকচিন প্ৰদান হ’ব বুলি মহকুমা স্বাস্থ্য বিষয়া ডা৹ মহিতোষ বেনাৰ্জীয়ে উল্লেখ কৰে ৷

covid-vaccination-in-boko-above-18-ages-people
বকোত ১৮ বছৰৰ উৰ্ধৰ ব্যক্তিক ক'ভিড ভেকচিন প্ৰদান

বকো, 8 মে': কামৰূপ জিলাৰ বকোত শনিবাৰৰ পৰা 18 বছৰ উৰ্ধৰ লোকক প্ৰদান কৰা হয় ক’ভিড-19ৰ ভেকচিন ৷ বকো মজলীয়া বিদ্যালয়ত শনিবাৰে পুৱাৰে পৰাই ভেকচিন দিয়া আৰম্ভ কৰিছে বকো খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্যকৰ্মীসকলে । বকো খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডা৹ মহিতোষ বেনৰ্জীয়ে সম্পূৰ্ণ ক’ভিড প্ৰটকলসমূহ পালন কৰি নিয়াৰিকৈ ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰে ৷ ইয়াৰ লগতে শনিবাৰৰ দিনটোত পুৰুষ মহিলা সামৰি 100 গৰাকী লোকক ক’ভিড ভেকচিন প্ৰদান হ’ব বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ৷

মন কৰিবলগীয়া যে, শুকুৰবাৰৰ দিনটোলৈকে বকো খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনত 230 গৰাকী ব্যক্তিৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছে ৷ আনহাতে ক’ভিড-19ত আক্ৰান্ত ৪ গৰাকী ব্যক্তিৰ মৃত্যু ঘটিছে ৷

লগতে পঢ়ক : ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ তৎপৰ ডিব্ৰুগড় প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.