ৰঙিয়া, 6 মে' : ৰঙিয়াত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত ব্যাপক খেলিমেলি ৷ প্ৰকৃত কৃষকৰ পৰিৱৰ্তে ভুৱা কৃষকৰ নাম সন্নিবিষ্ট হিতাধিকাৰীৰ তালিকাত ৷
অভিযোগ অনুসৰি, লক্ ডাউনৰ সময়ত ক্ষতিগ্ৰস্থ হোৱা পদুম কুঁৱৰী গাওঁ পঞ্চায়তটোৰ অন্তৰ্গত কৃষক সকলক প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ জৰিয়তে সাহায্য প্ৰদানৰ বাবে পঞ্চায়ত প্ৰতিনিধিক হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷
কিন্তু পঞ্চায়ত প্ৰতিনিধিয়ে প্ৰকৃত কৃষকৰ পৰিৱৰ্তে নেতা-পালিনেতাৰ অঙহী-বঙহীৰ নাম তালিকাত অন্তভূৰ্ক্ত কৰাৰ অভিযোগ অভিযোগকাৰীৰ ৷
আনকি কৃষি ভূমি নথকা বহু লোকৰ নাম অন্তভূৰ্ক্ত হৈছে হিতাধিকাৰীৰ তালিকাত ৷
যাৰবাবে প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছে অভিযোগকাৰীয়ে ৷
কৰ'ণা মহামাৰীৰ বাবে দেশত তীব্ৰ আৰ্থিক সংকটে কৃষক সকলক জুৰুলা কৰাৰ সময়ত কৃষক সকলৰ কল্যানৰ বাবে লোৱা এই আঁচনিখনৰ সুৰুঙাৰে প্ৰকৃত কৃষক সকলক পঞ্চায়ত প্ৰতিনিধিয়ে এনে চৰম প্ৰতাৰণা কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত ।
লগতে পঢ়ক : ভোট জলকীয়াই কন্দুৱাইছে ধেমাজিৰ খেতিয়কক