ETV Bharat / state

পিতাম্বৰ আদৰ্শ উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ লুণ্ঠনৰাজ

ৰঙিয়াত পিতাম্বৰ আদৰ্শ উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী বীণাপাণি দাসে নীতি বৰ্হিভূতভাৱে দুৰ্নীতি সংঘটিত কৰি অহাৰ অভিযোগ ৷

পিতাম্বৰ আদৰ্শ উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ লুণ্ঠনৰাজ
পিতাম্বৰ আদৰ্শ উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ লুণ্ঠনৰাজ
author img

By

Published : Apr 17, 2021, 1:07 PM IST

ৰঙিয়া, 17 এপ্ৰিল : ৰঙিয়াৰ পিতাম্বৰ আদৰ্শ উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী বীণাপাণি দাসে নীতি বহিৰ্ভূতভাৱে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উঠিছে ৷

অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি চৰকাৰী বিদ্যালয়ত নাম ভৰ্তিৰ মাচুল আৰু কিতাপ সম্পূৰ্ণ বিনামূলীয়া । কিন্তু নাম ভৰ্তিৰ বাবদ অথবা কিতাপৰ নামত ধন সংগ্ৰহত নামি পৰিছে পিতাম্বৰ আদৰ্শ উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী বীণাপাণি দাস । নৱম আৰু দশম শ্ৰেণীৰ ছাত্র-ছাত্ৰীসকলৰ পৰা কিতাপৰ বাবদ ২৮০ টকাকৈ আৰু ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পৰা ৫০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষয়ত্ৰী গৰাকীৰ বিৰুদ্ধে ৷

পিতাম্বৰ আদৰ্শ উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ লুণ্ঠনৰাজ
পিতাম্বৰ আদৰ্শ উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ লুণ্ঠনৰাজ

যদিহে কোনো ছাত্র-ছাত্ৰীয়ে এই টকা প্ৰদান কৰাৰ সন্দৰ্ভত ৰচিদ বিচাৰে তেন্তে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে ধমকি দি খেদি পঠিয়াই ছাত্র-ছাত্ৰীসকলক । কোনো অভিভাৱকে ইয়াৰ বিৰোধিতা কৰিলেও দুৰ্ব্যৱহাৰ কৰে প্ৰধান শিক্ষয়িত্ৰী বীণাপাণি দাসে ৷ অভিভাৱক সকলৰ অভিযোগ অনুসৰি ছাত্র-ছাত্ৰীসকলৰ একাউণ্ট খোলাৰ বাবদো প্ৰত্যেকৰে পৰা লৈছিল ৫০ টকাকৈ । কিন্তু আজি আঠ মাহে একাউণ্ট খোলা নহ'ল ছাত্ৰ-ছাত্ৰীসকলৰ ।

ইতিমধ্যে এই বিষয়ত বিদ্যালয়ৰ অভিভাৱক সকলে অভিযোগ দাখিল কৰিছে যদিও এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিদ্যালয় কৰ্তৃপক্ষই ৷ গতিকে অতি সোনকালে বীণাপাণি দাসৰ এই দুৰ্নীতিৰ উচিত তদন্তৰ বাবে উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে অভিভাৱকসকলে ৷

লগতে পঢ়ক: কৰ’ণাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.