গুৱাহাটী, 8 মাৰ্চ: বিশ্বজুৰি এতিয়া আতংকৰ সৃষ্টি কৰিছে কৰ'ণা ভাইৰাছে । এইবাৰ ত্ৰিপুৰাৰ আগৰতলাস্থিত মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰতো দেখা গ'ল 92খন দেশলৈ বিয়পি পৰা কৰ'ণা ভাইৰাছৰ আতংক ৷ গুৱাহাটীৰ পৰা যোৱা এটি সাংবাদিকৰ দলে আগৰতলাস্থিত বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে প্ৰত্যক্ষ কৰে সমগ্ৰ দৃশ্য ৷ দুৰণিবতীয়া যাত্ৰী সকলে বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে চিকিৎসকৰ দলে শাৰী শাৰীকৈ লৈ এফালৰ পৰীক্ষা কৰে কৰ'ণা ভাইৰাছৰ ৷
যদিও আগৰতলাস্থিত বিমানবন্দৰত এতিয়ালৈকো কৰ'ণা ভাইৰাছত আক্ৰান্ত কোনো যাত্ৰী পোৱা নাই তথাপি বিমানবন্দৰত চিকিৎসকৰ দলে যাত্ৰীসকলক তন্ন তন্নকৈ পৰীক্ষা কৰিছে ৷ আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো বিমামবন্দৰতে এনেদৰে চিকিৎসকৰ দল নিয়োগ কৰা হৈছে বুলি জনাইছে Airport Authority Of India ৰ North-East Director য়ে ৷ মন কৰিবলগীয়া যে, বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত পূৰ্বতকৈ হ্ৰাস পাইছে বিদেশী যাত্ৰীৰ সংখ্যা ৷