ETV Bharat / state

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰাৰ দাবী কংগ্ৰেছৰ

author img

By

Published : Sep 30, 2021, 8:32 PM IST

ৰাজ্য চৰকাৰৰ লগতে ৰাজ্যিক নিৰ্বাচন আয়ুক্তই সময়োচিত প্ৰয়োজনীয় কার্যব্যৱস্থা গ্ৰহণ নকৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে কংগ্ৰেছৰ প্ৰাক্তন পাৰিষদ সকলে ৷ ইয়াৰ মাজতে গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি শীঘ্ৰে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ কুশল কুমাৰ শৰ্মাই ৷

congress-press-meet-on-gmc-election
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰাৰ দাবী কংগ্ৰেছৰ

গুৱাহাটী, 30 ছেপ্তেম্বৰ : গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন বিগত 3 বছৰ ধৰি অনুষ্ঠিত নকৰাকলৈ সৰৱ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ ৷ ৰাজ্য চৰকাৰৰ লগতে ৰাজ্যিক নিৰ্বাচন আয়ুক্তই সময়োচিত প্ৰয়োজনীয় কার্যব্যৱস্থা গ্ৰহণ নকৰাত কংগেছ দল আৰ কংগ্ৰেছৰ প্ৰাক্তন পাৰিষদ সকলে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত নকৰাকলৈ সৰৱ হৈ পৰে গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ কুশল কুমাৰ শৰ্মা ৷

সংবাদমেলত তেওঁ কয় যে, 1992 চনত সংসদত গৃহীত 74 তম সংবিধান সংশোধনী অনুযায়ী মিউনিচিপালটিক স্থানীয় স্বায়ত্বশাসিত চৰকাৰ হিচাপে স্বীকৃতি দিয়া হয় ৷ সংবিধানৰ মিউনিচিপালিটি সংক্ৰান্তীয় অনুচ্ছেদ 243 (U) (3)ৰ দ্বাৰা 5 বছৰীয়া কার্যকালৰ বাবে নিৰ্বাচিত এখন মিউনিচিপালিটিৰ কার্যকাল সম্পূর্ণ হোৱাৰ পূৰ্বেই পৰৱর্তী মিউনিচিপালিটি নিৰ্বাচন অনুষ্ঠিত কৰাৰ ব্যৱস্থা আছে ৷

লগতে পঢ়কঃ ধলপুৰৰ কাণ্ডৰ প্ৰসংগত ৰকিবুল হুছেইনৰ নাম ল’লে ভৱেশ কলিতাই

ইয়াৰ লগতে তেওঁ কয় যে, "ৰাজ্যিক নিৰ্বাচন আয়োগক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন সন্দর্ভত প্ৰয়োজনীয় কর্তৃত্ব প্ৰদানৰ পিছতো ৰাজ্যিক নিৰ্বাচন আয়ুক্ত গৰাকীয়ে নিগমৰ নিৰ্বাচন সন্দর্ভত আইন সন্মত ব্যৱস্থা ল’বলৈ সক্ষম হোৱা নাই ৷ অসম বিধানসভাৰ 5 টা বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত গুৱাহাটী পৌৰ নিৰ্বাচনকে ধৰি অসমৰ অন্যান্য মিউনিচিপালিটি সমূহৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনো বাধ্য-বাধকতা নাথাকিব ৷"

উল্লেখ্য যে, সংবাদমেলৰ পৰাই ক্ষমতা বিকেন্দ্ৰীকৰণৰ লগতে গুৱাহাটী তথা অসমৰ অন্যান্য চহৰ নগৰসমূহত নিগমে বিভিন্ন জন-কল্যাণমূলক সেৱা ৰাইজলৈ আগবঢ়োৱাৰ স্বার্থত গুৱাহাটী পৌৰ নিগমকে ধৰি অসমৰ অন্যান্য পৌৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অসম চৰকাৰৰ লগতে ৰাজ্যিক নিৰ্বাচন আয়োগক দাবী জনাইছে গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ কুশল কুমাৰ শৰ্মাই ৷

চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে- সাংবিধানিক বিধি ব্যৱস্থা থকা স্বত্বেও মিউনিচিপালিটি সমুহত জন-প্ৰতিনিধি নথকাৰ সুযোগত ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰীগৰাকীয়ে মিউনিচিপালিটিৰ সকলো ক্ষমতা কুক্ষিগত কৰি গণতন্ত্ৰৰ বিকেন্দ্ৰীকৰণ ব্যৱস্থাক প্ৰহসনত পৰিণত কৰি তুলিছে ৷ সংবাদমেলত উপস্থিত আছিল প্ৰাক্তন পাৰিষদ স্বপন দাস আৰু উত্তম সৰকাৰ ৷

লগতে পঢ়কঃ বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ দাবী বীৰ লাচিত সেনা অসমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.