ETV Bharat / state

Congress slams BJP : ৰাজ্যৰ প্ৰতিটো ক’লা বেপাৰৰ সৈতে বিজেপি জড়িত; কংগ্ৰেছৰ দাবী

author img

By

Published : Mar 22, 2023, 10:07 PM IST

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ৰঙিয়াত বিস্ফোৰক মন্তব্য কামৰূপ গ্ৰাম্য জিলা কংগ্ৰেছ দলৰ ৷ ক’লা বেপাৰৰ সৈতে বিজেপি জড়িত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কামৰূপ গ্ৰাম্য জিলা কংগ্ৰেছ দলৰ (Congress slams BJP) ৷

Congress slams BJP
কাঠ আৰু গৰু চিণ্ডিকেটত জড়িত ৰাজ্যিক বিজেপিৰ সভাপতি

ৰঙিয়া, 22 মাৰ্চ : ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ৰঙিয়াত মহা বিস্ফোৰক মন্তব্য কামৰূপ গ্ৰাম্য জিলা কংগ্ৰেছ দলৰ সভাপতি কংকন দাসৰ । ৰাজ্যত চলি থকা কাঠৰ চিণ্ডিকেট আৰু গৰুৰ চিণ্ডিকেটত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ভাগিনীয়েক জিতু কলিতা জড়িত বুলি দাবী কংগ্ৰেছৰ । বহুতে এই সম্পৰ্কে আৰক্ষীক অভিযোগ দাখিল কৰিছে আৰু এই বিষয়ত আলোচনাৰ পোষকতা কৰে দলে (Congress slams BJP) ।

বিগত নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিদেশী সন্ত্ৰাসবাদীৰ পৰা এআইইউডিএফৰ বদৰুদ্দিন আজমলে টকা লয় বুলি অভিযাগ আনি বিজেপি চৰকাৰ শাসনলৈ অহাৰ লগে লগে বদৰুদ্দিন আজমলক জেলত ভৰোৱা হ’ব বুলি উল্লেখ কৰিছিল । কিন্তু গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে বদৰুদ্দিন আজমলৰ আতৰৰ ব্যৱসায়ৰ বাট প্ৰশস্ত কৰি দিয়া হ’ল বুলি কয় কংকন দাসে (BJP AIUDF relation)৷

ইয়াৰোপৰি, বদৰুদ্দিন আজমলৰ ভাতৃয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰীতকৈ ভাল মুখ্যমন্ত্ৰী নাই বুলি আগবঢ়োৱা মন্তব্যৰো চোকা সমালোচনা কৰে কামৰূপ গ্ৰাম্য জিলা কংগ্ৰেছ দলৰ সভাপতি কংকন দাসে । মঙললদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীয়ে চৰকাৰৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বিস্ফোৰক মন্তব্য । আজিৰ তাৰিখত যিমান ক’লা বেপাৰ আছে সকলোতে চৰকাৰী পক্ষৰ মানুহ যুক্ত হৈ আছে বুলি চাঞ্চল্যকৰ মন্তব্য আগবঢ়ায় প্ৰাক্তন সাংসদগৰাকীয়ে । কোনে কোনে ক’লা ব্যৱসায় কৰি আছে আৰক্ষীক সুধিলে স্পষ্ট হৈ পৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায় প্ৰাক্তন সাংসদগৰাকীয়ে ।

লগতে পঢ়ক : Assam Nagaland border conflict : গাদী সুনিশ্চিত কৰাৰ স্বাৰ্থত অসম চৰকাৰে জীয়াই ৰাখিছে সীমা সমস্যা; আটাছু

ইফালে মেট্ৰিক পৰীক্ষাৰ পেপাৰ আউট হোৱা সন্দৰ্ভতো ৰাজ্যিক বিজেপিৰ সভাপতি তথা দলটোক আক্ৰমণ কৰে মাধৱ ৰাজবংশীয়ে ৷ মেট্ৰিক পৰীক্ষাৰ পেপাৰ আউট হোৱাটো লজ্জাৰ বিষয় বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰখনে এবাৰো মেট্ৰিক পৰীক্ষাটো সুকলমে পৰিচালনা কৰিব পৰা নাই বুলি উল্লেখ কৰে । কংগ্ৰেছৰ জেষ্ঠ নেতাগৰাকীয়ে ৰাজ্য চৰকাৰখনক মেট্ৰিক পৰীক্ষাটো কেনেদৰে সুকলমে চলাব পাৰি তেনে বিষয়ত চিন্তা-চৰ্চা কৰিবলৈ ৰাজ্য চৰকাৰখনক পৰামৰ্শ আগঢ়ায় (Congress on HSLC paper leaked)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.