বকো,3 এপ্ৰিল: ৰাজ্যত ইতিমধ্যে সমাপ্ত হৈছে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ 6 এপ্ৰিলত ৰাজ্যৰ 12 খন জিলাৰ 40 টা সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ এই নিৰ্বাচনক লৈ এতিয়া ব্যস্ত হৈ পৰিছে হাই প্ৰফাইল নেতা-পালিনেতা ৷ শনিবাৰে গোৱালপাৰা জিলাৰ জনজাতীয় প্ৰধান সমষ্টি দুধনৈত কংগ্ৰেছ দলৰ প্ৰাৰ্থী যাদৱ স্বৰ্গীয়াৰীয়ে চলাই নিৰ্বাচনী প্ৰচাৰ ৷
বৃহৎ সমষ্টিটোৰ গাঁৱে-ভূঞে গৈ প্ৰাৰ্থী গৰাকীয়ে ৰাইজৰ সৈতে মত বিনিময় কৰে । নিৰ্বাচনী প্ৰচাৰ চলাই যাদৱ স্বৰ্গীয়াৰীয়ে কয় যে, দুধনৈ সমষ্টিতো কৃষিজীৱী জনজাতীয় সমষ্টি । আগন্তুক বিধানসভা নিৰ্বাচনত জয়ী হ’লে তিনিটা মূল সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত যাদৱ স্বৰ্গীয়াৰীয়ে চকু দিয়াৰ কথা ব্যক্ত কৰে । এই সমস্যাকেইটা হৈছে নিবনুৱা সমস্যা, কৃষক ৰাইজৰ বাবে জলসিঞ্চন ব্যৱস্থা । কৃত্ৰিমভাৱে নৈ, উপনৈ, নিজৰাসমূহত বান্ধ দি পথাৰলৈ পানী যোগান ধৰি কৃষক ৰাইজক লাভান্বিত কৰিব পৰা যাব বুলিও প্ৰতিশ্ৰুতি দিয়ে প্ৰাৰ্থী গৰাকীয়ে ৷
অন্য এক খবৰৰ বাবে: আই আই টি গুৱাহাটীত ছাত্ৰী নিৰ্যাতনৰ অভিযোগ