ETV Bharat / state

কমলপুৰত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

বুধবাৰে কমলপুৰ সমষ্টিৰ অন্তৰ্গত মধুকুছি চ’কত এক দলীয় কাৰ্যালয় মুকলি কৰে কংগ্ৰেছ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্যই । কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ মতে, তেওঁক কমলপুৰৰ ৰাইজে সুন্দৰভাৱে আঁকোৱালি লৈছে । সেয়ে তেওঁ নিশ্চিত যে, কমলপুৰত কংগ্ৰেছ প্ৰাৰ্থী জয়ী হ'ব ।

author img

By

Published : Mar 25, 2021, 9:25 PM IST

কমলপুৰত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় মুকলি
কমলপুৰত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

বাইহাটা,২৫ মাৰ্চ: কমলপুৰ সমষ্টিত অব্যাহত আছে কংগ্ৰেছ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্যৰ নিৰ্বাচনী প্ৰচাৰ । বুধবাৰে সমষ্টিৰ অন্তৰ্গত মধুকুছি চ’কত এক দলীয় কাৰ্যালয় মুকলি কৰে প্ৰাৰ্থীগৰাকীয়ে । কাৰ্যালয় মুকলিৰ পিছতে সংবাদমেল সম্বোধন কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ।

সংবাদমেলত সমষ্টিটোৰ বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰি প্ৰাৰ্থীগৰাকীয়ে কয় যে কমলপুৰ সমষ্টিৰ প্ৰধান সমস্যা হৈছে যোগাযোগ ব্যৱস্থা । কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে সমষ্টিটোৰ ৰাইজৰ বাবে উন্নত যোগাযোগ ব্যৱস্থাত গুৰুত্ব আৰোপ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে কিশোৰ ভট্টাচাৰ্যই ।

আনহাতে বিৰোধীক লক্ষ্য কৰি তেওঁ কয় যে যদি কোনোৱে তেওঁক গালি দি অথবা আক্ৰমণ কৰি বিধায়ক হয় তেনেহলে তেওঁৰ কোনো আপত্তি নাই । কাৰো নাম নোলোৱাকৈয়ে তেওঁ কয় যে ব্যক্তিগত শত্ৰুতা তেওঁৰ কাৰোৰে লগত নাই, সেয়ে ৰাইজে বিবেচনা কৰিব কোন হ'ব সমষ্টিৰ আগন্তুক বিধায়ক । কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মতে তেওঁক কমলপুৰৰ ৰাইজে সুন্দৰভাৱে আঁকোৱালি লৈছে । সেয়ে তেওঁ নিশ্চিত যে কমলপুৰত কংগ্ৰেছ প্ৰাৰ্থীৰে জয় হ'ব ।

লগতে পঢ়ক: সুৰভী ৰাজকুঁৱৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ ৰণজিৎ কুমাৰ দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.