ETV Bharat / state

বিল মাৰা উৎসৱ: হাতে হাতে জাল-পল লৈ দীপৰ বিলত অগণন মাছমৰীয়া

author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 5:54 PM IST

Community Fishing Festival: ঐতিহাসিক দীপৰ বিলত 'বিল মাৰা' উৎসৱ ৷ পৰম্পৰাগতভাৱে অইন বেলিৰ দৰে এই বেলিও উৰুকাৰ প্ৰাক মুহূৰ্তত মাছ মৰা উৎসৱ পালন দীপৰ বিলত । একেলগে বিলত মাছ ধৰিলে প্ৰায় হাজাৰৰো অধিক মাছমৰীয়াই ৷

Mass Mora Festival
বিল মাৰা উৎসৱ
হাতে হাতে জাল-পল লৈ দীপৰ বিলত অগণন মাছমৰীয়া

মিৰ্জা, 07 জানুৱাৰী : দীপৰ বিলত নামিল শ শ নাও ৷ হাতে হাতে জাল-জাকৈ-পল ৷ ঐতিহাসিক দীপৰ বিলত কাহিলিপুৱাৰে পৰাই বিৰাজ কৰিছে এক উখল মাখল পৰিৱেশে ৷ কিয়নো দীপৰ বিলত দেওবাৰে কাহিলিপুৱাৰে পৰা আৰম্ভ হৈছে বিল মাৰা উৎসৱ ৷

দীপৰ বিলৰ দাঁতিকাষৰীয়া অঞ্চলৰ মাছমৰীয়া লোকসকলে পূৰ্বৰে পৰা পৰম্পৰাগতভাবে উৰুকাৰ প্ৰাক মুহূৰ্তত পালন কৰি আহিছে এই 'বিল মাৰা' উৎসৱ । দীপৰ বিলৰ দাঁতিকাষৰীয়া লোকসকলে প্ৰায় মাহজোৰা প্ৰস্তুতিৰে নাও ৰং কৰাকে ধৰি নাও মেৰামতি, বিভিন্ন প্ৰকাৰ মাছ মৰা সঁজুলি, জাল-জাঙোৰ আদি সকলো সাজু কৰি উলিয়াই আজি বিলত মাৰিলে মাছ ।

এইবাৰ বিলত একেলগে নামিল প্ৰায় ৩০০ খনৰো অধিক নাও আৰু প্ৰত্যেকখন নাওতে দুজন-তিনিজনকৈ মাছমৰীয়া । দীপৰ বিলৰ দাঁতিকাষৰীয়া এই মাছমৰীয়াসকলে এনেদৰে মাছ ধৰিয়ে জীৱিকা নিৰ্বাহ কৰি আছে ।

জানিব পৰা মতে, এইবাৰ দীপৰ বিলত ৰৌ, ভকুৱা, চিতল, বৰালী, বিকেট, মিৰিকাকে ধৰি বিভিন্ন মাছৰ পোনাসমূহ মেলি দিছিল । সেই পোনাবোৰ এতিয়া ডাঙৰ হোৱাত এনেদৰে বিলৰ বুকুত মাছ ধৰে লোকসমূহে । পৰম্পৰাগতভাৱে ধৰা এনে মাছবোৰ বিভিন্ন বজাৰত মুকলাই দিয়ে যদিও দীপৰ বিলৰ পাৰত কোনো ওজন নোহোৱাকৈ আনুমানিক হিচাপে বিক্ৰী কৰে । যাৰ বাবে বিলৰ পাৰত অসংখ্যা গ্ৰাহকৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে ৷

মাছ ল'বলৈ দ্বীপৰ বিলত পাৰত পুৱাই উপস্থিত হয় বিভিন্ন প্ৰান্তৰ লোক । দীপৰ বিলৰ পাৰত অসংখ্যা লোকে বিভিন্ন মাছ ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে । সকলোৰে হাতে কেৱল মাছ আৰু মাছ । ভোগালী বিহুৰ আগত এনেদৰে মাছ ধৰা উৎসৱে সকলোৰে মাজত এক উৎসাহৰো সৃষ্টি কৰিলে ।

গ্ৰাহকৰ মতে এইবাৰ উচিত আছে মাছৰ দাম । যি কি নহওক দীপৰ বিলৰ লোভনীয় মাছ খাবলৈ পুৱাৰে পৰা অগণন লোকৰ ভিৰ । ভোগালী বিহুৰ প্ৰাকক্ষণত এনেদৰে দীপৰ পাৰত ভৰি পৰিল বহুতো লোক । নিজৰ মন পচন্দৰ মাছ ক্ৰয় কৰিলে বহুতো লোকে ।

লগতে পঢ়ক : সাংবাদিকক আক্ৰমণৰ উচিত তদন্তৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.