ETV Bharat / state

আধাৰ কাৰ্ডৰ নামত ৰঙিয়াত ব্যাপক ধন সংগ্ৰহ পৌৰসভা কৰ্মচাৰীৰ - পৌৰসভা কৰ্মচাৰী

ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনৰ আধাৰ কাৰ্ড কেন্দ্ৰৰ বিষয়া ৰমেশ শৰ্মাই আধাৰ কাৰ্ড বনাবলৈ যোৱা লোকসকলৰ পৰা 500 টকাৰ পৰা 1000 টকা পৰ্যন্ত ধন দাবী কৰাৰ অভিযোগ কৰিছে ভুক্তভোগীয়ে ৷ তদুপৰি ধন নিদিলে কেন্দ্ৰটোৰ পৰা উভতাই পঠিওৱা হয় বুলি সাংবাদিকক জানিবলৈ দিয়ে ভুক্তভোগীয়ে ৷

Collection of funds in the name of Aadhaar card by a municipal employee at rangia
আধাৰ কাৰ্ডৰ নামত ৰঙিয়াত ধন সংগ্ৰহ পৌৰসভা কৰ্মচাৰীৰ
author img

By

Published : Sep 16, 2020, 12:28 PM IST

ৰঙিয়া,16ছেপ্তেম্বৰ: ৰঙিয়াত আধাৰ কাৰ্ডৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনৰ আধাৰ কাৰ্ড কেন্দ্ৰৰ বিষয়া ৰমেশ শৰ্মাই আধাৰ কাৰ্ড বনাবলৈ যোৱা লোকসকলৰ পৰা 500 টকাৰ পৰা 1000 টকা পৰ্যন্ত ধন দাবী কৰাৰ অভিযোগ কৰিছে ভুক্তভোগীয়ে ৷ তদুপৰি ধন নিদিলে কেন্দ্ৰটোৰ পৰা উভতাই পঠিওৱা হয় বুলিও সাংবাদিকক জানিবলৈ দিয়ে ভুক্তভোগীয়ে ৷

আধাৰ কাৰ্ডৰ নামত ৰঙিয়াত ধন সংগ্ৰহ পৌৰসভা কৰ্মচাৰীৰ

উল্লেখযোগ্য যে,প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰা লোকসকলে প্ৰমাণ পত্ৰৰ লগত আধাৰ কাৰ্ড জমা কৰাটো বাধ্যতামূলক হৈ পৰাৰ পৰিপ্ৰেক্ষিতত তাৰে পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে ৰঙিয়া পৌৰসভা কাৰ্যালয়ৰ 2য় বৰ্গৰ কৰ্মচাৰী ৰমেশ শৰ্মাই ৷ আনহাতে,আধাৰ কাৰ্ডৰ নামত ধন দাবী কৰা ৰমেশ শৰ্মাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে এতিয়া মহকুমা প্ৰশাসনক দাবী জনাইছে ৷

লগতে পঢ়কঃঅজন্তা নেওগৰ সমষ্টিত ৰাইজৰ দুৰ্দশাঃ পথত ভূঁই ৰুই কৰিলে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.