ETV Bharat / state

Co operative societies protest : ৰঙিয়াত সমবায় সমিতিসমূহৰ প্ৰতিবাদ - Rangia latest news

ৰঙিয়াত সমবায় সমিতিসমূহৰ পৰিবহণ ব‍্যয় আৰু কমিছন আদায় দিয়াৰ দাবীত অৰ্ধ শতাধিক সমবায় সমিতিৰ 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ(Co operative societies protest) ৷ মঙলবাৰে ৰঙিয়াৰ গান্ধী মণ্ডপ(Rangia Gandhi Mandap) ৰ সন্মূখত সমবায় সমিতিসমূহে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

Co operative societies protest at Rangia
ৰঙিয়াত মহকুমা সমবায় সমিতি সমূহৰ প্ৰতিবাদ
author img

By

Published : Dec 1, 2021, 1:01 PM IST

ৰঙিয়া, 1 ডিচেম্বৰ : মঙলবাৰে ৰঙিয়া মহকুমাৰ সমবায় সমিতি সমূহে সাব্যস্ত কৰে প্ৰতিবাদ(Co operative societies protest) । সমবায় সমিতিসমূহৰ পৰিবহণ ব‍্যয় আৰু কমিছন আদায় দিয়াৰ দাবীত অৰ্ধ শতাধিক সমবায় সমিতিৰ 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

খাদ‍্য সুৰক্ষা আইনৰ চাউলৰ লগতে মধ‍্যাহ্ন ভোজন, প্ৰধানমন্ত্ৰী গৰীৱ কল‍্যাণ আঁচনি(Pradhan Mantri Garib Kalyan Scheme), অন্ত‍্যোদয়া আঁচনি, মধ‍্যাহ্ন ভোজন, অংগনবাদীৰ চাউল সমবায় সমিতিসমূহে দীৰ্ঘদিন ধৰি দৰিদ্ৰ হিতাধিকাৰীক বিতৰণ কৰি আহিছে । কিন্তু সমবায় সমিতিসমূহে ইয়াৰ বিনিময়ত চৰকাৰৰ পৰা পাবলগীয়া পৰিবহন ব‍্যয় আৰু কমিছনৰ ধন প্ৰায় দুবছৰ ধৰি লাভ কৰা নাই ৷ যাৰ বাবে এই সমবায় সমিতিসমূহে এতিয়া গভীৰ আৰ্থিক সংকটত ভূগিবলগীয়া হৈছে ।

সেয়ে অনাদায় হৈ থকা এই প্ৰাপ্য ধন আদায় দিয়াৰ দাবীত মঙলবাৰে ৰঙিয়াৰ গান্ধী মণ্ডপ(Rangia Gandhi Mandap)ৰ সন্মূখত হাতে হাতে প্লে-কাৰ্ড লৈ সমবায় সমিতিসমূহৰ পৰিবহণ ব‍্যয় আৰু কমিছন আদায় দিয়ক, সমবায় সমিতিসমূহত ঠিকাদাৰী ব্যৱস্থা বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে সমবায় সমিতিসমূহে অৱস্থান ধৰ্মঘট কাৰ্য‍সূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে (Co operative societies protest)।

লগতে পঢ়ক : ৰঙিয়াত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.