বাইহাটা, 19 জুন : অপৰিৱৰ্তিত হৈ আছে ৰাজ্যৰ বান পৰিস্থিতি (Flood in Assam 2022) ৷ উজনীৰ পৰা নামনিলৈ ইখনৰ পাচত সিখন গাঁও বুৰ গৈছে পানীৰ তলত ৷ বন্যাৰ্তৰ মাজত এতিয়া হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে ৷ খাদ্য আৰু বাসস্থানৰ অভাৱৰ লগতে প্ৰাণৰ সংশয়েও দেখা দিছে বানাক্ৰান্তৰ মাজত ৷
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে বাইহাটা চাৰিআলিৰ কমলপুৰৰ কলাজলো এতিয়া ডুব গৈছে পানীৰ তলত (Flood at Baihata Chariali) ৷ পুঠিমাৰী, বৰলীয়া আৰু কলাজল নদীয়ে বাইহাটা চাৰিআলিৰ বিশেষকৈ কমলপুৰবাসী বিশেষ ক্ষতি কৰিছে ৷ যাৰ বাবে অঞ্চলটোৰ দুখ-দুদৰ্শা বুজ ল’বলৈ শনিবাৰে কমলপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM visited Flood affected area of Baihata chariali)৷
বাইহাটা চাৰিআলিৰ কমলপুৰৰ কলাজলত উপস্থিত হৈ বান পৰিস্থিতি বুজ লোৱাৰ লগতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বন্যাৰ্তসকলৰ লগতো মতবিনিময় কৰে ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বন্যাৰ্তসকলৰ বাবে আশ্ৰয় শিৱিৰ স্থাপনৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশনা প্ৰদান কৰে ।
ইফালে, বান পৰিস্থিতিৰ বুজ লোৱাৰ পাচতে মুখ্যগৰাকীয়ে আগবঢ়ালে বিশেষ নিৰ্দেশনা ৷ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেজেৰা শালমাৰা সংযোগী বঙালজানৰ বোৱতী সোঁত বন্ধ কৰি নিৰ্মাণ কৰা বৃহৎ পকীবেৰ ভাঙি দিয়াৰ নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
ইফালে, বিধায়ক দিগন্ত কলিতাই সংবাদমাধ্যমযোগে উল্লেখ কৰা মতে, এই পকী বেৰখনৰ বাবেই কমলপুৰ আৰু জালুকবাৰী সমষ্টিৰ বৃহৎ এলেকা ভয়াৱহ বানৰ কবলত পৰিছে । মুখ্যমন্ত্ৰীৰ সৈতে বান পৰিদৰ্শন কালত উপস্থিত থকা থকা কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই সম্প্ৰতি মুখ্যমন্ত্ৰীৰ নিৰ্দেশনামৰ্মে পকীবেৰখন ভাঙি দিয়াৰ বাবে বাবে প্ৰশাসনক আহ্বান জনাইছে ।
লগতে পঢ়ক : প্ৰকৃতিৰ কালৰূপ: এনিশাৰ ভিতৰতে নদীৰ বুকুত বিলীন হ'ল 10 বিঘা চাহ বাগান