ETV Bharat / state

2022 ত এইমছ মুকলিৰ সম্ভাৱনা: CM হিমন্ত বিশ্ব শৰ্মা - চাংসাৰীত বৃক্ষৰোপণ কাৰ্যসূচীত হিমন্ত বিশ্ব শৰ্মা

বুধবাৰে চাংসাৰিত বৃক্ষৰোপণ কাৰ্যসূচী (Tree Planting Program)ত ভাগ লৈ বহুকেইটা বন বিভাগ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ৷ শীঘ্ৰেই বন বিভাগত ব্যাপক সংস্কাৰ সাধন কৰা হ’ব । আনহাতে, বন বিভাগত প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

himanta biswa sarma participate in tree planting program
চাংসাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Jul 7, 2021, 1:48 PM IST

বাইহাটা, 7 জুলাই : 72 তম বন মহোৎসৱ (Forest Festival) উপলক্ষে বুধবাৰে চাংসাৰিত বৃক্ষৰোপণ কাৰ্যসূচী (Tree Planting Program)ত ভাগ লয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ৷ চাংসাৰিত স্থাপন হ’বলগীয়া এইমছ (AIIMS)ৰ ভূমিত ৰূপায়ণ কৰা হয় এই বৃক্ষৰোপণ কাৰ্যসূচী ৷ বন মহোৎসৱ কাৰ্যসূচীৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।

তেওঁ জনোৱা মতে, 2022 চনত চাংসাৰিত এইমছ মুকলি কৰাৰ সম্ভাৱনা আছে । অচিৰেই বন বিভাগত ব্যাপক সংস্কাৰ সাধন কৰা হ’ব । পৰৱৰ্তী তিনি বছৰত অসমৰ বন বিভাগ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিব পৰাকৈ বন বিষয়াসকলে কাম কৰিব লাগিব । ৰাজ্যৰ বিট অফিচসমূহ শীঘ্ৰেই উঠাই দিয়া হ’ব ।

কিয়নো বনকৰ্মীৰ চাকৰি যিহেতু বনভূমি ৰক্ষাৰ অৰ্থেহে, সেয়ে জংঘলত থাকি তেওঁলোকে চাকৰি কৰিব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

‘‘আমাৰ বাবে দুৰ্ভাগ্যৰ কথা যে, জনজাতীয় লোকৰ গছ-গছনিৰ সৈতে নিবিড় সম্পৰ্ক আছে ৷ কিন্তু অন্য এচাম লোকে বন ভূমি বেদখল কৰিছে । পুৰণা ইতিহাসে কৈছে যে, বৃক্ষক পুত্ৰ জ্ঞান কৰিব লাগে ৷ বন এলেকাও কমি আহিছে ।

চাংসাৰিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

গছ ৰোপণৰ পৰিকল্পনাৰ ক্ষেত্ৰত গছবোৰ ভালে আছেনে নাই সেয়া ড্ৰোণেৰে পৰ্যবেক্ষণ কৰা হ’ব ৷ গছপুলি ৰোপণ আৰু বিভিন্ন আঁচনিত চুণা লগাব নোৱাৰিবলৈ বন বিভাগত প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হ’ব ৷ সন্তান জন্ম দিলে নহ’ব সন্তান প্ৰতিপালনো কৰিব লাগিব’’- এই ভাষ্য মুখ্যমন্ত্ৰী শৰ্মাৰ ৷

বন বিভাগত হোৱা অনিয়মৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে নিজে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ প্ৰদান কৰে ৷ হাতী মৰা ঘটনাৰ সন্দৰ্ভত বন বিভাগে উচিত কাৰণ উলিয়াই তাৰ প্ৰতিকাৰ কৰিলেনে নাই বুলি বনমন্ত্ৰীক প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ শিল-বালিৰ প্ৰতি লোভ থকা বন কৰ্মচাৰীসকলক সাৱধান কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে ৷

আনহাতে, পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত থোৱা সন্দৰ্ভত কঠোৰ আইন প্ৰণয়নৰ হুংকাৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ তেওঁ কয় যে, বন বিভাগৰ বিট গেট ব্যৱস্থাৰ অৱসান ঘটোৱা হ’ব ৷ বন বিভাগৰ কৰ্মচাৰীয়ে হাবি-জংঘল ৰক্ষাৰ হকে সঠিকভাৱে কাম কৰিব লাগিব ৷ একাংশ বন কৰ্মচাৰীয়ে শিল-বালি আৰু কাঠৰ ট্ৰাক চোৱাৰ কামত ব্যস্ত আছে ।

পৰৱৰ্তী তিনিবছৰৰ ভিতৰত ৰাজ্যৰ বন বিভাগক দেশৰ ভিতৰতে শ্ৰেষ্ঠ বিভাগ হিচাপে গঢ়ি তোলাৰ সংকল্প প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে । বন বিভাগে সৰ্বসাধাৰণক হাৰাশাস্তি কৰা বন্ধ কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে ৷ উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷

লগতে পঢ়ক : 5.2 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে ৰাজ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.