ETV Bharat / state

ছয়গাঁৱত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ - KAMRUP

ছয়গাঁৱৰ গোৱৰ্ধনস্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা গণকপাৰা হৈ জামুগুৰিলৈ নিৰ্মাণ কৰি থকা সুদীৰ্ঘ গড়কাপ্তানি পথটো নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে শনিবাৰে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত ৰাইজৰ ৷

ছয়গাঁৱত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি
author img

By

Published : May 18, 2019, 10:24 PM IST

ছয়গাঁও, 18 মে’: পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কামৰূপ জিলাৰ ছয়গাঁৱত ৷ কামৰূপ জিলাৰ ছয়গাঁৱৰ গোৱৰ্ধনস্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা গণকপাৰা হৈ জামুগুৰিলৈ নিৰ্মাণ কৰি থকা সুদীৰ্ঘ গড়কাপ্তানি পথটোৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ শনিবাৰে ৰাজপথলৈ ওলাই আহি ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ভুক্তভোগী জনতাই ৷

ছয়গাঁৱত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি

ঠিকাদাৰৰ মইমতালিৰে ৰাস্তা নিৰ্মাণ কৰা নচলিব, ৰাস্তা নিৰ্মাণত দুৰ্নীতি অনিয়ম সহ্য কৰা নহ’ব আদি বিভিন্ন শ্লগান দি ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত প্ৰায় ১৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা পথটোৰ নিৰ্মাণ কাৰ্যৰ পৰাই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে দুৰ্নীতি অনিয়মক আশ্ৰয় লৈছে যাৰ ফলত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নৌহোৱাতেই পথটোৰ ঠায়ে ঠায়ে ফাট মেলাৰ লগতে চপৰা চপৰে খহি গৈছে পকী কৰা পথটো ৷

আনহাতে দলঙৰ দুইমূৰে মাটি দি ভালদৰে সঠিকভাৱে ৰোলাৰ নমৰাত পথটো ঠায়ে ঠায়ে তথা দলঙৰ দুই ফালে বহি গৈছে ৷ অভিযোগ মতে পথটো নিৰ্মাণৰ সময়ত ব্যৱহাৰ কৰা প্ৰায়বোৰ শিল পাহাৰীয়া শিলৰ পৰিৱৰ্তে নদীৰ শিল ব্যৱহাৰ কৰা হৈছে ৷ চেণ্ডগ্ৰেভেল, মাটি আৰু বালি পেলাই যিদৰে ৰোলাৰ মাৰি পকী কৰিব লাগিছিল যদিও সামান্য পৰিমাণে ৰোলাৰ মাৰিয়ে দায়িত্ব সামৰি পথটো পকীকৰণ কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে ৷

ইপিনে স্থানীয় লোকে অনিয়ম তথা দুৰ্নীতি সন্দৰ্ভত ছয়গাঁও ৰাজহ চক্ৰ বিষয়াক লিখিতভাৱে জনাইছিল যদিও চক্ৰ বিষয়া গৰাকীয়ে এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷ নৱ নিৰ্মিত পথটোৰ নষ্ট হোৱা সকলোখিনি পথ নতুনকৈ নিৰ্মাণ কৰাৰ লগতে বাকিখিনি কাম ভালদৰে কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে ৷ অন্যথা শৰাইঘাট ইঞ্জিনীয়াৰ্চ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি স্থানীয় ৰাইজে সকীয়াই দিছে ৷

Intro:কামৰূপ জিলাৰ ছয়গাঁৱৰ গোৱৰ্ধনস্থিত হাস্পাতালৰ পৰা গণকপাৰা হৈ জামুগুৰিলৈ নিৰ্মাণ কৰি থকা সুদীৰ্ঘ গডকাপ্তানি পথটো নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে ৷ ক্ষুদ্ধ ৰাইজে শনিবাৰে ৰাজপথলৈ ওলাই আহি ক্ষোভ উজাৰিলে ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৷Body:ছয়গাঁও১৮মে’ : কামৰূপ জিলাৰ ছয়গাঁৱৰ গোৱৰ্ধনস্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা গণকপাৰা হৈ জামুগুৰিলৈ নিৰ্মাণ কৰি থকা প্ৰায় ৬ কিলোমিটাৰ দৈঘ্যৰ পথটোৰ নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে ৷ এই লৈ শনিবাৰে অঞ্চলটোৰ শতাধিক পুৰুষ মহিলা ৰাজপথলৈ ওলাই আহি ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিভিন্ন শ্লগান দি উত্তাল কৰি তোলে অঞ্চলটোৰ আকাশ বতাহ ৷ প্ৰতিবাদী ৰাইজে ঠিকাদাৰৰ মইমতালিৰে ৰাস্তাৰ কাম কৰাটো নচলিব, ৰাস্তা নিৰ্মাণত দুৰ্নীতি অনিয়ম সহ্য কৰা নহব আদি ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে বিভিন্ন শ্লগান দি প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী গ্ৰাম চডক যোজনাৰ অধীনত প্ৰায় ১৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা পথটোৰ নিৰ্মাণ কাৰ্যৰ পৰাই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে দুৰ্নীতি অনিয়মক আশ্ৰয় লৈছে যাৰ ফলত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নৌহোৱাতেই পথটোৰ ঠায়ে ঠায়ে ফাট মেলাৰ লগতে চপৰা চপৰে খহি গৈছে পকী ৷ আনহাতে চাইদ বাম নিদিয়াৰ লগতে দলঙৰ দুইমূৰে মাটি দি ভালদৰে ৰোলাৰ নমৰাত পথটো ঠায়ে ঠায়ে তথা দলঙৰ দুই মূৰ বহি গৈছে ৷ অভিযোগমতে পথটো নিৰ্মাণৰ সময়ত ব্যৱহাৰ কৰা প্ৰায়বোৰ শিল পাহাৰীয়া শিলৰ পৰিবৰ্তে নদীৰ শিল ব্যৱহাৰ কৰা হৈছে ৷ চেণ্ডগ্ৰেভেল ,মাটি আৰু বালি পেলাই যিদৰে ৰোলাৰ মাৰি তথা হাৱা দিয়াৰ পিছত পকী কৰিব লাগে যদিও সামান্য পৰিমানে ৰোলাৰ তথা পানী মাৰি ঝাৰুৰে চাফ কৰিয়েই পকী কৰা হৈছে যাৰ ফলত এতিয়া পথটোৰ পকীবোৰ উঠি যাবলৈ ধৰিছে ৷Conclusion:Byte_স্থানীয় লোক
ইফালে পথটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ সময়ৰ পৰা অনিয়ম তথা দুৰ্নীতি হোৱাত স্থানীয় ৰাইজে এই সন্দৰ্ভত ছয়গাঁও ৰাজহ চক্ৰ বিষয়াক লিখিতভাৱে জনাইছিল যদিও চক্ৰ বিষয়া গৰাকীয়ে এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷ নিৰ্মীয়মাণ পথটোৰ নষ্ট হোৱা সকলোখিনি পথ নতুনকৈ নিৰ্মাণ কৰাৰ লগতে বাকিখিনি কাম ভালদৰে কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে ৷ অন্যথা শৰাইঘাট ইঞ্জিনীয়াৰ্চ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি স্থানীয় ৰাইজে সকীয়াই দিছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.