ETV Bharat / state

মন্ত্ৰী কেশৱ মহন্তৰ গৰাখহনীয়া পৰিদৰ্শন - জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত

ছয়গাঁৱৰ কলহী নৈত হোৱা গৰাখহনীয়া পৰিদৰ্শন কৰে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ মন্ত্ৰী গৰাকীক সংগ দিয়ে খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অধ্যক্ষ ডাঃকমলা কলিতাই ৷

মন্ত্ৰী কেশৱ মহন্তৰ গৰাখহনীয়া পৰিদৰ্শন
author img

By

Published : Aug 1, 2019, 11:23 PM IST

ছয়গাঁও ১ আগষ্ট : কামৰূপ জিলাৰ ছয়গাঁৱত কলহী নৈয়ে বিভিন্ন ঠাইত ভয়াৱহ গৰাখহনীয়াৰ সৃষ্টি কৰাৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হৈ আহিছে৷ বৃহস্পতিবাৰে বিয়লি অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কলহী নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ ছয়গাঁৱত উপস্থিত হয় । ছয়গাঁৱত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে অসম চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অধ্যক্ষ তথা প্ৰাক্তন মন্ত্ৰী ডাঃ কমলা কলিতাৰ লগত ছয়গাঁৱৰ পটৰীখাট, মাকেলী, নতুন কটহী আৰু ছয়গাঁৱৰ গৰাখহনীয়া পৰিদৰ্শন কৰে ।

মন্ত্ৰী কেশৱ মহন্তৰ গৰাখহনীয়া পৰিদৰ্শন

উক্ত গৰাখহনীয়া ঠাইসমূহ পৰিদৰ্শন কৰি ছয়গাঁৱৰ পৰিদৰ্শন বাংলালৈ যায় মন্ত্ৰীগৰাকী । সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, এইবাৰ বিধানসভাত বান গৰাখহনীয়াৰ ওপৰত বহু দীঘলীয়া সময় আলোচনা হৈছে আৰু বিত্ত বিভাগে এই ক্ষেত্ৰত প্ৰথম বাৰৰ বাবে এক দাবী মঞ্জুৰি লয় । লগতে বান গৰাখহনীয়াৰ বাবে এটা "একচন প্লেন" হাতত লোৱা বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰী গৰাকীক জল সম্পদ বিভাগৰ বিভাগীয় বিষয়া, কাৰ্যবাহী অভিযন্ত্ৰা, ছয়গাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ডঃ প্ৰীতিলেখা ডেকা, ছয়গাঁও ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া অংকিতা শৰ্মা, ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰপম হাজৰিকাৰ লগতে স্থানীয় কেইবাজনো বিশিষ্ট লোকে সংগ দিয়ে ৷

লগতে পঢ়কঃ কুলভূষণ যাদৱক কনছুলাৰ প্ৰদানত সন্মতি পাকিস্তানৰ

Intro:ছয়গাঁৱৰ কলহী নৈত হোৱা গৰাখহনীয়া বৃহস্পতিবাৰে পৰিদৰ্শন কৰে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ মন্ত্ৰী গৰাকীক সংগ দিয়ে খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অধ্যক্ষ ডাঃকমলা কলিতাই ৷Body:ছয়গাঁও ১ আগষ্ট : কামৰূপ জিলাৰ ছয়গাঁৱত কলহী নৈয়ে বিভিন্ন ঠাইত ভয়াৱহ গৰাখহনীয়াৰ সৃষ্টি কৰাৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছতে আজি বিয়লি অসম চৰকাৰৰ জলসম্পদ মন্ত্রী কেশৱ মহন্তই কলহী নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ ছয়গাঁৱত উপস্হিত হয় । মন্ত্রী গৰাকীয়ে ছয়গাঁৱত উপস্হিত হৈ অসম চৰকাৰৰ খাদী আৰু গ্ৰামদ্যোগ বিভাগৰ অধ্যক্ষ তথা প্ৰাক্তন মন্ত্রী ডাঃ কমলা কলিতাৰ লগত ছয়গাঁৱৰ পটৰীখাট, মাকেলী, নতুন কটহী আৰু ছয়গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা দলঙৰ ওপৰত উঠি কলহী নৈয়ে সৃষ্টি কৰা প্ৰৱল গৰাখহনীয়া পৰিদৰ্শন কৰে । মন্ত্রী কেশৱ মহন্তই উক্ত গৰাখহনীয়া ঠাইসমূহ পৰিদৰ্শন কৰি ছয়গাঁৱৰ পৰিদৰ্শন বাংলালৈ যায় । উক্ত স্থানত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্রীগৰাকীয়ে কয় যে এইবাৰ বিধান সভাত বান গৰাখহনীয়াৰ ওপৰত বহুত দীঘলীয়া সময় আলোচনা হোৱা বুলি কৈ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত বিত্ত বিভাগে এক দাবী মঞ্জুৰি প্ৰথম বাৰৰ বাবে লোৱা বুলিও কয় । যিটো বিষয় আগতে লোৱা নাছিল বুলিও তেওঁ কয় । লগতে বান গৰাখহনীয়াৰ বাবে এটা একচন প্লেন হাতত লোৱা বুলিও মন্ত্রী গৰাকীয়ে কয় । আজি মন্ত্রী গৰাকীৰ লগত জল সম্পদ বিভাগৰ বিভাগীয় বিষয়া, কাৰ্যবাহী অভিযন্ত্রা, ছয়গাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ডঃ প্ৰীতিলেখা ডেকা, ছয়গাঁও ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া অংকিতা শৰ্মা, ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰপম হাজৰিকাৰ লগতে স্থানীয় কেইবাজনো বিশিষ্ট লোকে মন্ত্ৰী গৰাকীক সংগ দিয়ে ৷Conclusion:byte
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.