কামৰূপ,1জানুৱাৰী : ঐতিহ্যময় চানডুবিৰ বাকৰিত আজিৰে পৰা আৰম্ভ হৈছে চানডুবি মহোৎসৱ । ৰাভাজাতীয় কৃষ্টি-সংকৃতিৰে উজ্বলি উঠিল আজি চানডুবিৰ বাকৰি । চৰকাৰৰ অৱহেলাৰ বাবে পৰ্যটনস্থলী হিচাপে চানডুবিৰ লগতে ইয়াৰ সমীপৱৰ্তী লোকে উন্নয়নৰ মুখ নেদেখাৰ বাবে চৰকাৰৰলৈ বাট নাচাই এনেদৰে চানডুবিৰ বাকৰিত বিগত ১০ টা বছৰ ধৰি এনেদৰে উদযাপিত কৰি আহিছে চানডুবি মহোৎসৱ । এইবেলিও একাদশ বাৰ্ষিক চানডুবি মহোৎসৱখনিৰ আয়োজন কৰে বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই ।
এক বৰ ভূইকপৰ ফলতেই শতিকা পূৰ্বে সৃষ্টি হোৱা চানডুবি বিলত বিগত কিছু বছৰ ধৰি পহিলা জানুৱাৰীৰ পৰা উদযাপিত হৈ আহিছে এই মহোৎসৱ ৷ এইবেলিও কৰ'ণা মহামাৰীৰ মাজতে আয়োজন কৰা হৈছে এই মহোৎসৱখনীৰ ৷ মহোৎসৱৰ শুভাৰম্ভ কৰিলে ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ৷
অন্য এক খবৰৰ বাবে: বিগত দুটা বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ্ৰাস পাইছে গঁড় হত্যাৰ ঘটনা