ETV Bharat / state

উকিয়ামত কুলসী নদীৰ ওপৰত বান্ধ: গাৰো জাতীয় পৰিষদৰ প্ৰতিবাদী সভা - Assam government

উকিয়ামত ৰাইজক নালাগে নদী বান্ধ ৷

উকিয়ামত কুলসী নদীৰ ওপৰত বান্ধ: গাৰো জাতীয় পৰিষদৰ প্ৰতিবাদী সভা
author img

By

Published : Oct 13, 2019, 12:16 AM IST

ছয়গাঁও, 12 অক্টোবৰ: ভাৰত চৰকাৰৰ 2007-12 চনৰ এঘাৰতম পঞ্চম পৰিকল্পনাৰ অধীনত কামৰূপ জিলাৰ ছয়গাঁৱৰ অসম মেঘালয় সীমান্তৱৰ্তী উকিয়াম অঞ্চলত কুলসী নদীৰ ওপৰত বিদুৎ উৎপাদন তথা খেতিপথাৰত পানী যোগান ধৰাৰ উদ্দেশ্যে নিৰ্মাণ হ'ব লগা নদীবান্ধৰ তীব্ৰ বিৰোধীতা কৰিছে অঞ্চলটোৰ ৰাইজে ৷ তথ্য অনুসৰি এই বান্ধটোৰ নামত 2007 চনতেই ১৪৫৪. ৯৫ কোটি টকা ধাৰ্য্য কৰা হৈছিল ৷ চলিত বৰ্ষৰ 26 এপ্ৰিলত বিষয়টোলৈ অসম তথা মেঘালয় ৰাজ্যৰ চৰকাৰী লোকসকলে উকিয়ামৰ বান্ধ নিৰ্মাণ হ'ব লগা অঞ্চল পৰিদৰ্শন কৰিছিল ৷ ইয়াৰ পাছৰে পৰা অঞ্চলটোত বিৰাজ কৰিছিল এক চেপা উত্তেজনাই ৷ বান্ধ নিৰ্মাণৰ কথাৰ বিষয়ে অৱগত হোৱাৰ পৰাই এতিয়া ভয়-শংকাৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে সীমান্তৱৰ্তী উকিয়াম গাঁৱৰ অসম-মেঘালয়ৰ লোকসকলে ৷

উকিয়ামত কুলসী নদীৰ ওপৰত বান্ধ: গাৰো জাতীয় পৰিষদৰ প্ৰতিবাদী সভা

ইফালে উকিয়াম নদীত নিৰ্মিত হ'ব লগা প্ৰস্তাৱিত বান্ধৰ তীব্ৰ বিৰোধীতা কৰিছে গাৰো জাতীয় পৰিষদে ৷ শনিবাৰে এই বান্ধৰ বিৰোধীতা কৰাৰ উদ্দেশ্যে উকিয়ামৰ ৩৫ খন অসম আৰু মেঘালয় গাঁৱৰ শতাধিক লোক গাৰো জাতীয় পৰিষদৰ প্ৰতিনিধিত্বত উকিয়ামৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত মিলিত হয় । সভাৰ অন্তত গাৰো জাতীয় পৰিষদৰ কামৰূপ জিলাৰ সভাপতি ইনিন্দ্ৰ মাৰাকে সাংবাদিকৰ আগত কয় যে সভাত ৰাইজৰ সন্মতিত কোনো কাৰণতে উকিয়ামত নদী বান্ধ নিৰ্মাণ কৰিবলৈ নিদিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ৷ কিয়নো প্ৰস্তাৱিত বান্ধটো নিৰ্মাণ হলে বৃটিছৰ দিনৰ পৰা এই অঞ্চলত বাস কৰি অহা লোকসকল নিজৰ জন্মভূমিতে শৰণাৰ্থী হৈ পৰিব যি কথা কোনো কাৰণতে মানি লোৱা নহ'ব ৷

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ২০০১ চনত চৰকাৰে এই অঞ্চলত নদী বান্ধ দিয়াৰ যোজা চলাইছিল যদিও উকিয়াম তথা কাষৰীয়া অঞ্চলৰ তীব্ৰ প্ৰতিবাদত সেও মানি মেঘালয় চৰকাৰে এই নিৰ্মাণ কাৰ্য্য অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি ৰাখিছিল ৷

Intro:Body:কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অসম-মেঘালয়ৰ সীমান্তৱৰ্তী উকিয়ামত কুলসী নদীৰ ওপৰত ভাৰত চৰকাৰৰ এঘাৰতম পঞ্চম পৰিকল্পনাৰ (২০০৭-২০১২) শিতানত বিদুৎ উৎপন্ন তথা খেতিপথাৰত পানীৰ যোগান ধৰাৰ উদ্দেশ্যে ৬২ মিটাৰ উচ্চতাৰ এটা কংক্ৰিটৰ বান্ধৰ প্ৰস্তাৱ হাতত লৈছিল। জানিব পৰা মতে, এই বান্ধটোৰ বাবে ব্যয় ২০১৭ চনৰ জুন মাহত ১৪৫৪. ৯৫ কোটি টকা ধাৰ্য্য কৰা হৈছে। এই বিষয়টোক লৈ অসম তথা মেঘালয় ৰাজ্যৰ চৰকাৰী লোকসকলে চলিত বৰ্ষৰ ২৬ এপ্ৰিলত উকিয়াম অঞ্চল পৰিদৰ্শন কৰিছিল। এই ঘটনা সংঘটিত হৈ যোৱাৰ পাছতে অসম-মেঘালয়ৰ লোকসকল ক্ষোভিত আৰু ভয়-সংকাত ভূগিব লগা হৈছিল। এই বান্ধটোৰ বিৰোধিতা কৰাৰ উদ্দেশ্যে অঞ্চলটোৰ ৩৫ খন অসম আৰু মেঘালয় ৰাজ্যৰ গাৱঁৰ শতাধিক লোক গাৰো জাতীয় পৰিষদৰ প্ৰতিনিদ্ধিত্বত উকিয়ামৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত মিলিত হয়।

আজি, গাৰো জাতীয় পৰিষদৰ কামৰূপ জিলাৰ সভাপতি ইনিন্দ্ৰ মাৰাকে জানিব দিয়ে যে আজিৰ সভাত ৰাইজৰ সন্মতি ক্ৰমে প্ৰস্তাৱ লোৱা হৈছে যে, গাৰো জাতীয় পৰিষদে কেতিয়াও উকিয়ামত কোনো ধৰণৰ নদী বান্ধ হবলৈ নিদিয়ে। কিয়নো, ব্ৰিটিছৰ দিনৰে পৰাই অৱস্থিত এই অঞ্চলৰ লোকসকল নিজৰ জন্মভূমিতে শৰণাৰ্থী হৈ পৰিব আৰু ইয়াক কোনো কাৰণতে মানি লোৱা নহব। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ২০০১ চনত চৰকাৰে এই অঞ্চলত নদী বান্ধ দিয়াৰ যোজা চলাইছিল। কিন্তু উকিয়াম তথা কাষৰীয়া অঞ্চলৰ তীব্ৰ প্ৰতিবাদক সহাৰি জনাই মেঘালয় চৰকাৰে এই নিৰ্মাণ কাৰ্য্য বন্ধ কৰি দিছিলে।

BYTE- ইনিন্দ্ৰ মাৰাক।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.