ETV Bharat / state

বহিঃৰাষ্ট্ৰত সাফল্য অৰ্জন ছয়গাঁৱৰ খেলুৱৈৰ - Sangita Rabha

বহিঃৰাষ্ট্ৰত সাফল্য অৰ্জন ছয়গাঁৱৰ খেলুৱৈৰ ৷ ইৰাণৰ অছপাৰাত অনুষ্ঠিত ১ ম বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন ছয়গাঁওৰ সংগীতা ৰাভাৰ

বহিঃৰাষ্ট্ৰত সাফল্য অৰ্জন ছয়গাঁৱৰ খেলুৱৈৰ
author img

By

Published : Nov 25, 2019, 7:23 AM IST

ছয়গাঁও ২৫ নবেম্বৰ: ইৰাণৰ অছপাৰাত অনুষ্ঠিত ১ ম বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰি নিজ গৃহত উপস্থিত হোৱা ছয়গাঁও ৰিহাবাৰীৰ সংগীতা ৰাভাক দেওবাৰে কেইবাটাও সংগঠনে বিপুলভাৱে সম্বৰ্ধনা জনায় । ২০ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত সংগীতাই ফাইনেলত পাকিস্তানৰ খেলুৱৈৰ হাতত পৰাজিত হৈ ৰূপৰ পদক লাভ কৰে । উল্লেখ্য যে, ছাইৰ অধীনত মুঠ ৬ গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰিছিল । ‌সংগীতাৰ প্ৰথমগৰাকী প্ৰশিক্ষক জয়দেৱ বড়োৱে জনোৱা মতে সংগীতাই প্ৰথমতে জুডো খেলৰ প্ৰশিক্ষণ লৈছিল যদিও পৰৱৰ্তী সময়ত কোকৰাঝাৰত ছাইৰ অধীনত কাৰাটেৰ প্ৰশিক্ষণ লৈ বৰ্ত্তমান কোকৰাঝাৰ ছোৱালী কলেজত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকত অধ্যয়ন কৰি আছে ।

বহিঃৰাষ্ট্ৰত সাফল্য অৰ্জন ছয়গাঁৱৰ খেলুৱৈৰ

অখিল ৰাভা আৰু আৰতি ৰাভাৰ কন্যা সংগীতা যোৱা নিশা ৰিহাবাৰীৰ নিজ গৃহত উপস্থিত হোৱাত শুভাকাংঙ্খীসকলৰ উপস্থিতিত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ , দক্ষিণ পাণ্টান গাঁও পঞ্চায়তৰ সভাপতি ,ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, জনজাতীয় স্পোৰ্টিং ক্লাৱৰ লগতে কেইবাটাও সংগঠনে খেলুৱৈ গৰাকীক সম্বৰ্ধনা জনায় ।

আৰু পঢ়ক ধেমাজিত উইংগাৰ-বাইকৰ মুখামুখি সংঘৰ্ষ , নিহত এক

Intro:বহিঃৰাষ্ট্ৰত সাফল্য ছয়গাাঁৱৰ খেলুৱৈৰ ৷ Body:ছয়গাঁও ২৫ নবেম্বৰ : ইৰাণৰ অছপাৰাত অনুষ্ঠিত ১ম বাৰ্ষিক আন্তৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰি নিজ গৃহত উপস্থিত হোৱা ছয়গাঁও ৰিহাবাৰীৰ সংগীতা ৰাভাক আজি কেবাটাও সংগঠনে বিপুলভাৱে সম্বৰ্ধনা জনায়। যোৱা ২০ নবেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত সংগীতাই ফাইনেলত পাকিস্তানৰ খেলুৱৈৰ হাতত পৰাজিত হৈ ৰূপৰ পদক লাভ কৰে। উল্লেখ্য যে ছাইৰ অধীনত মুঠ ৬ গৰাকী খেলুৱৈ এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰিছিল। ‌সংগীতাৰ প্ৰথম গৰাকী প্ৰশিক্ষক জয়দেৱ বড়োৱে জনোৱা মতে সংগীতাই প্ৰথমতে জুডো খেলৰ প্ৰশিক্ষণ লৈছিল যদিও পৰৱৰ্তী সময়ত কোকৰাঝাৰত ছাইৰ অধীনত কাৰাটেৰ প্ৰশিক্ষণ লৈ বৰ্ত্তমান কোকৰাঝাৰ ছোৱালী কলেজত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকত অধ্যয়ন কৰি আছে। ছাইকেল মেকানিক অখিল ৰাভা আৰু আৰতি ৰাভাৰ কন্যা সংগীতা যোৱা নিশা ৰিহাবাৰীৰ নিজ গৃহত উপস্থিত হোৱা ত শুভাকাংক্ষী সকলৰ উপস্থিতিত ৰাভা হাছং শ্বায়ত্ব শাসিত পৰিসদৰ উপাধক্ষ্য , দক্ষিণ পাণ্টান গাঁও পঞ্চায়তৰ সভাপতি ,ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, জনজাতীয় স্পোৰ্টিং ক্লাৱৰ লগতে কেবাটাও সংগঠনে খেলুৱৈ গৰাকীক সম্বৰ্ধনা জনায়।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.