ETV Bharat / state

যাত্ৰীৰূপী গাড়ী চুৰি চক্ৰৰ পৰা কথমপি প্ৰাণ ৰক্ষা গাড়ীচালকৰ

author img

By

Published : Oct 30, 2020, 7:56 AM IST

কামৰূপৰ বকোৰ শিংৰা শালনিবাৰীত বৃহস্পতিবাৰে নিশা যাত্ৰীৰূপী গাড়ী চুৰি চক্ৰৰ হাতৰ পৰা কথমপি প্ৰাণ ৰক্ষা এজন গাড়ী চালকৰ । দুষ্কৃতিকাৰী যুৱক কেইজনে গামোছাৰে ডিঙি চেপি হত্যা কৰিবলৈ চেষ্টা কৰিছিল গোৱালপাৰাৰ গাড়ী চালকজনক ৷ সম্প্ৰতি আইচিইউত চিকিৎসাধীন হৈ আছে গাড়ী চালকজন ৷

Car lifters arrested in Boko
যাত্ৰীৰূপী গাড়ী চুৰি চক্ৰৰ পৰা কথমপি প্ৰাণ ৰক্ষা গাড়ীচালকৰ

বকো,30 অক্টোবৰ : গাড়ী চুৰি চক্ৰই এটাৰ পাচত আন এটা দুষ্কাৰ্য সংঘটিত কৰি সৰ্বসাধাৰণ ৰাইজৰ মাজত বিভীষিকাৰ সৃষ্টি কৰাৰ সময়তে কামৰূপ (গ্ৰাম্য) জিলাৰ বকোৰ শিংৰা শালনিবাৰীত যাত্ৰীৰূপী গাড়ী চুৰি চক্ৰৰ হাতৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে এজন গাড়ী চালক । বৃহস্পতিবাৰে নিশা গোৱালপাৰাৰে গাড়ী চালক এজনক গাড়ী চুৰি চক্ৰই হত্যা কৰিবলৈ চেষ্টা কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য ৷

প্ৰাপ্ত তথ্য অনুসৰি, গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখী চাৰি যুৱকে সন্ধিয়াৰ ভাগত AS-01-AR-0376 নম্বৰৰ এখন ছুইফট্ ডিজায়াৰ বাহন ভাড়া কৰিছিল ৷ গাড়ীখনৰ চালক গোৱালপাৰাৰ বাপুজীনগৰৰ নিৱাসী মনিৰুল ইছলাম (40)য়ে যাত্ৰীৰূপী যুৱক চাৰিজনকলৈ গুৱাহাটীৰ দিশে গৈ থকা অৱস্থাতে দুষ্কৃতিকাৰী যুৱক কেইজনে গামোছাৰে ডিঙি চেপি হত্যা কৰিবলৈ চেষ্টা কৰে গাড়ীচালক মনিৰুল ইছলামক ৷

তেনে অৱস্থাত শিংৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দূৰ্ঘটনাগ্ৰস্থ মালবাহী ট্ৰাক এখনৰ কাষত নিশা প্ৰায় 12 বজাত দলটোৱে বকো আৰক্ষীক তহল দি থকা প্ৰত্যক্ষ কৰি গাড়ীৰ ভিতৰৰ পৰা ওলাই পলাবলৈ চেষ্টা কৰে ৷ আৰক্ষীয়ে গাড়ীখনৰ চালকজনক মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰাৰ লগতে দুস্কৃতিকাৰীয়ে দলটোৰ পিচে পিচে খেদি বঙাইগাঁৱৰ কডমতলীৰ তাহেৰ আলী (32), বঙাইগাঁও যোগীঘোপা থানাৰ চেদামাৰী চংকৰঘোলাৰ ৰফিকুল ইছলাম (25)ৰ আৰু দুবাপাৰা উজনি চৰৰ জাহিদুল ইছলাম (27) নামৰ কুখ্যাত গাড়ী চোৰ তিনিটাক আটক কৰিবলৈ সক্ষম হয় ৷

ইফালে,নিশাৰ ভাগতে গাড়ী চালক মনিৰুল ইছলামক বকো আৰক্ষীয়ে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷ সম্প্ৰতি মনিৰুল আইচিইউত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে ৷ অৱশ্যে চক্ৰটোৰ আন এক সহযোগী গোৱালপাৰাৰ জাহিদুল ইছলাম এতিয়াও পলাতক অৱস্থাত আছে ৷ গাড়ী চুৰি চক্ৰৰ সৈতে জড়িত তিনিওকে বকো আৰক্ষীয়ে মাৰাথান জেৰা চলাই আছে ৷

লগতে পঢ়ক : বৃহৎ সংখ্যক চুৰি সামগ্ৰীৰে নগাঁও আৰক্ষীৰ জালত দুই গভাইত চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.