ETV Bharat / state

শুৱালকুছিত দুৰ্বৃত্তই জ্বলাই দিলে এখন মাৰুতি এছ-ক্ৰছ বাহন

author img

By

Published : Jan 28, 2021, 5:20 PM IST

পুৱতি নিশা শুৱালকুছিত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা । শুৱালকুছিৰ মাটিপৰ্বত অঞ্চলত দুৰ্বৃত্তই জ্বলাই দিলে এখন মাৰুতি এছ-ক্ৰছ বাহন । দুৰ্বৃত্তই জ্বলাই দিয়া বাহনখনৰ গৰাকী শান্তনু কলিতা ।

শুৱালকুছিত দুৰ্বৃত্তই জ্বলাই দিলে এখন মাৰুতি এছ-ক্ৰছ বাহন
শুৱালকুছিত দুৰ্বৃত্তই জ্বলাই দিলে এখন মাৰুতি এছ-ক্ৰছ বাহন

শুৱালকুছি, ২৮ জানুৱাৰী: বস্ত্ৰনগৰী শুৱালকুছিত পুৱতি নিশা পথৰ দাঁতিত ৰখাই থোৱা বাহন জ্বলাই দিলে অজ্ঞাত দুৰ্বৃত্তই । মাটিপৰ্বত অঞ্চলত সংঘটিত হৈছে এই ঘটনা । সোণাৰীপাৰা নিবাসী শান্তনু কলিতা নামৰ লোকজনে মূল পথৰ কাষতে ৰখাই থৈছিল তেওঁৰ মাৰুতি ছুজুকী এছ-ক্ৰছ বাহনখন । কিন্তু নিশা দুৰ্বৃত্তই জ্বলাই দিলে বাহনখন । চুবুৰীয়াই পুৱতি নিশা বাহনখন জ্বলি থকা দৃশ্য প্ৰত্যক্ষ কৰি শান্তনু কলিতাক খবৰ দিয়ে ।

অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল যদিও তেওঁলোক উপস্থিত হোৱালৈকে বাহনখন জ্বলি ছাৰখাৰ হয় । বাহনখনৰ নম্বৰ হৈছে AS-01-BV-7722 । ঘন জনবসতি পূৰ্ণ অঞ্চলটোত কোনে, কি উদ্দেশ্যেৰে গাড়ীখন জ্বলাই দিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত । অৱশ্যে স্থানীয় ৰাইজৰ আৰু শুৱালকুছি অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নুমুওৱাৰ বাবে কথাপমি ডাঙৰ অঘটন সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে অঞ্চলটোৰ বাসিন্দাসকল ।

লগতে পঢ়ক:নেশ্বনেল জিঅ’গ্ৰাফিক চেনেলত প্ৰদৰ্শিত হ’ব অৰুণাচল প্ৰদেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.