ETV Bharat / state

Azadi Ka Amrit Mahotsav : ৰঙিয়াত এছ এছ বিৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতা অভিযান

author img

By

Published : Jul 29, 2022, 8:25 PM IST

এছ এছ বি ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ হেড কনিষ্টবল বি শশীকান্ত শৰ্মাৰ নেতৃত্বত চলা অভিযানটোত দলটোৱে মূলত ৰঙিয়াৰ তিনিখন চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসক তথা চিকিৎসাকৰ্মীৰ সৈতে মত বিনিময় কৰে (Campaigning of Har Ghar Tiranga at Rangia by SSB) ।

Rangia
Rangia

ৰঙিয়া, ২৯ জুলাই : ৰঙিয়াত 'হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী'ৰ বিষয়ে ৰাইজক সজাগ কৰিবলৈ শুকুৰবাৰে এছ এছ বি ৰঙিয়াৰ ক্ষেত্ৰীয় মুখ‍্য কাৰ্যালয়ৰ (Sector Headquarter of SSB) জোৱানসকলে এক প্ৰচাৰ অভিযান চলায় ।

এছ এছ বি ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ হেড কনিষ্টবল বি শশীকান্ত শৰ্মাৰ নেতৃত্বত চলা উক্ত অভিযানটোত দলটোৱে মূলত ৰঙিয়াৰ তিনিখন চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসক তথা চিকিৎসাকৰ্মীৰ সৈতে মত বিনিময় কৰে (Campaigning of Har Ghar Tiranga at Rangia by SSB) । দলটোৱে প্ৰথমে ৰঙিয়াৰ স্পৰ্শ হাস্পতালত উপস্থিত হয় ।

ৰঙিয়াত এছ এছ বিৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতা অভিযান

তাৰ পিছত ৰঙিয়া আদৰ্শ চিকিৎসালয়ত আৰু সৰ্বশেষত ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত গৈ উপস্থিত হয় । এছ এছ বিৰ দলটোক স্পৰ্শ হাস্পতালৰ হৈ ডাঃ সৌৰভ বৰুৱাই স্বাগতম জনোৱাৰ বিপৰীতে ৰঙিয়া আদৰ্শ চিকিৎসালয়ত অধীক্ষক নৱনীতা বৰাই আদৰণি জনায় । অভিযানটোৰ অন্তত দলটো ৰঙিয়াৰ মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হয় (SSB Rangia Har Ghar tiranga campaigning in Hospitals) ।

চিকিৎসালয়খনৰ উপ-অধীক্ষক দিলীপ বৈশ্যৰ লগতে উপস্থিত আন আন চিকিৎসাকৰ্মীৰ সৈতে দলটোৱে মত বিনিময় কৰে । এছ এছ বিৰ দলটোৱে সকলোকে আগন্তুক স্বাধীনতা দিৱস উপলক্ষে অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে সকলোকে নিজ নিজ বাসগৃহত জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় । ৰঙিয়াৰ তিনিখন চিকিৎসালয়ত সজাগতা অভিযান চলোৱাৰ পিছত দলটোৱে দৰঙা অভিমুখে যাত্ৰা কৰে ।

উল্লেখ্য, এই বছৰ দেশে স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষ উদযাপন কৰিছে (75th Independence of India) । সেই উপলক্ষে 'আজাদী কা অমৃত মহোৎসৱ' (Azadi Ka Amrit Mahotsav) নামেৰে বছৰজোৰা বিভিন্ন কাৰ্যসূচী হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে । তাৰেই অংশ হিচাবে স্বাধীনতা দিৱসৰ সপ্তাহটোত ১৩ৰ পৰা ১৫ আগষ্টলৈ সকলোৰে ঘৰত ত্ৰিৰংগা পতাকা উত্তোলনৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । উক্ত কাৰ্যসূচীৰ নাম দিয়া হৈছে 'হৰ ঘৰ ত্ৰিৰংগা' (Har Ghar Tiranga programme by Indian Government)।

সেয়েহে উক্ত কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে দেশৰ নাগৰিকসকলক সজাগ কৰিবলৈ বিভিন্ন সজাগতা অভিযানৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । ইতিমধ্যে প্ৰতিখন ৰাজ্যৰ ৰাজ্যিক প্ৰশাসনৰ লগতে জিলা প্ৰশাসনসমূহেও এই সজাগতা অভিযান চলাই আছে । একেদৰে সেনাবাহিনী তথা দেশৰ আৰু ৰাজ্যৰ বিভিন্ন চৰকাৰী বিভাগেও এই সজাগতা অভিযান চলাই আছে । তাৰেই অংশ হিচাবে আজি ৰঙিয়াত সশস্ত্ৰ সীমা বলৰ তৰফৰ পৰা এই সজাগতা অভিযানৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক :Assam Police Modernization : কেন্দ্ৰৰ পুঁজি কৰ্তনত বাধাপ্ৰাপ্ত আৰক্ষী আধুনিকীকৰণ প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.