উত্তৰ গুৱাহাটী, 27 ডিচেম্বৰঃ ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ উত্তৰ গুৱাহাটীৰ বিহলঙনীত ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷ লগতে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আইনখনৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় ৷ আনহাতে, আইনখন বাতিল নকৰিলে আগন্তুক নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাক বৰ্জনৰ সংকল্প গ্ৰহণ কৰে উত্তৰ গুৱাহাটীৰ ৰাইজে ৷
আমিনগাঁওঃ শুকুৰবাৰে আমিনগাঁৱতো জাতিধ্বংসী আইনখনৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ প্ৰাক্তন আলফা ঐক্য মঞ্চ উত্তৰ কামৰূপ সমিতিৰ উদ্যোগত আমিনগাঁও উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰা হয় দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ আইনখন অতিশীঘ্ৰে উঠাই লোৱাৰ দাবীত উপায়ুক্তলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷
গোলাঘাটঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ ছবি সন্মুখত লৈ গোলাঘাটত সাব্যস্ত কৰা হয় নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ গোলাঘাট নাগৰিক মঞ্চ, কেওত জাতীয় পৰিষদ আৰু লুকানন্দ কাকতি ৰাজহুৱা নামঘৰৰ সহযোগত সাব্যস্ত কৰা হয় গণ অনশণ কাৰ্যসূচী ৷ গোলাঘাট উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰা হয় উক্ত অনশণ কাৰ্যসূচী ৷ সমান্তৰালকৈ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই কৰা উচতনিমূলক মন্তব্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মনোৱাৰ হুচেইনে ৷ লগতে মৃণাল শইকীয়াক মানসিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিব লাগে বুলিও মন্তব্য কৰে ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদকগৰাকীয়ে ৷
ধেমাজিঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজিতো শুকুৰবাৰে আইনখনৰ বিৰোধীতাৰে "জনতাৰ গৰ্জন" নামেৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে শিল্পী বিপিন চাউদাঙৰ লগতে ৰাজীৱ শইকীয়াই ৷
বকোঃ বকোত নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰোধিতাৰে উলিওৱা হয় বিশাল বাইক ৰেলী ৷ দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ আহ্বানত উলিওৱা হয় এই ৰেলী ৷ বকোৰ আগছিয়াৰ পৰা মন্দিৰালৈ উলিওৱা এই ৰেলীত অংশগ্ৰহণ কৰে প্ৰায় পাঁচ শতাধিক বাইক আৰোহীয়ে ৷
নগাঁওঃ অসম সাহিত্যসভাৰ 103 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নগাঁও জিলা সাহিত্যসভাই আয়োজন কৰে বৌদ্ধিক ৰাইজমেল ৷ নাগৰিকত্ব সংশোধনী অইনখনৰ বিৰোধীতাৰে সাব্যস্ত কৰা হয় উক্ত ৰাইজমেল ৷ ৰাইজমেলখনত অংশগ্ৰহণ কৰে শংকৰী সাহিত্যৰ পণ্ডিত তিলকচন্দ্ৰ মজুমদাৰ, বিশিষ্ট সাংবাদিক লেখক জ্যোতিৰ্ময় জানা, বিশিষ্ট লেখক শিবানন্দ কাকতিৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি ৷ আনহাতে, সংশোধিত এই আইনখন বিশেষকৈ ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ বাবে ভয়াৱহ বুলি মন্তব্য কৰে বিশিষ্ট লেখক শিবানন্দ কাকতিয়ে।
আৰু পঢ়ক- অসম জ্বলাবলৈ তৎপৰ হৈছে বিজেপি বিধায়ক মৃণাল শইকীয়া !