ETV Bharat / state

চাৰি বছৰে বন্ধ হৈ থকা এপল' মিলত চোৰৰ লুট-পাত - চাৰি বছৰে বন্ধ হৈ থকা এপল মিলত চোৰৰ লুট পাত

বৃহৎ ৰাজহুৱা খণ্ডৰ বস্ত্ৰ উদ্যোগ এপল' মিলত চোৰে চলালে চাফাই অভিযান ৷ চোৰে লুটিলে প্ৰায় 2 লাখৰো অধিক টকাৰ সামগ্ৰী ৷

Burglars looted at Apollo Mill rangiya
চাৰি বছৰে বন্ধ হৈ থকা এপল' মিলত চোৰৰ লুট-পাত
author img

By

Published : Aug 2, 2021, 7:10 PM IST

ৰঙিয়া, 2 আগষ্ট: এসময়ত লাভজনক অৱস্থাত থকা বৃহৎ ৰাজহুৱা খণ্ডৰ বস্ত্ৰ উদ্যোগ এপল' মিল এতিয়া নিঃশেষ হোৱাৰ পথত ৷ 2016 চনৰ পৰাই বন্ধ হৈ আচে এপল’ মিল ৷ অভিযোগ অনুসৰি পুনৰুজ্জীৱিত কৰাতো বাদেই, মিলটোত এপদ-দুপদকৈ সামগ্ৰী চোৰে চুৰি কৰি এতিয়া মিলটোত প্ৰায়ে লুট-পাত চলাবলৈ আৰম্ভ কৰিছে ৷

তুলসীবাৰী আৰক্ষীয়ে সোমবাৰে এক গোপন সূত্ৰৰ পম খেদি মিলটোৰ বৃহৎ পৰিমাণৰ চুৰি সমাগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষী সূত্ৰই সদৰি কৰা মতে এখন ই-ৰিক্সাৰে লক্ষাধিক টকাৰ সামগ্ৰীৰ কঢ়িয়া লৈ গৈ থকা অৱস্থা এজন লোকক আটক কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে আটক কৰি জেৰা কৰে লোকজনক ৷

চাৰি বছৰে বন্ধ হৈ থকা এপল' মিলত চোৰৰ লুট-পাত

লগতে পঢ়ক:ৰঙিয়াত চাইকেল ৰেলীৰে এপ’ল’ মিল কৰ্মচাৰীৰ প্ৰতিবাদ

আটকাধীন ব্যক্তিজনৰ স্বীকাৰোক্তিৰ ভিত্তিত তুলসীবাৰীৰ ৰহিমুদ্দিন আলী নামৰ আন এজন লোকৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে ৷ দুৰ্ধৰ্ষ চোৰ হিচাপে খ্যাত ৰহিমুদ্দিন আলীৰ ঘৰত তালাচী চলাই বৃহৎ পৰিমাণৰ লো আৰু ইলেকট্ৰনিক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ এপল' মিলৰ পৰা চুৰি হোৱা প্ৰায় 2 লাখৰো অধিক টকাৰ সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে ৷

চুৰি সামগ্ৰীবোৰ জব্দ কৰা হয় যদিও ৰহিমুদ্দিন আলীক আটক কৰিবলৈ সক্ষম নহ’ল আৰক্ষীয়ে ৷ বৰ্তমান ৰহিমুদ্দিন আলী পলাতক হৈ আছে বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ এই চুৰি সামগ্ৰী সমূহ উদ্ধাৰ হোৱাৰ পাচতে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক: এপল মিল'ৰ শ্ৰমিকৰ আত্মহত্যাৰ ভাবুকি

স্থানীয় লোকৰ অভিযোগ অনুসৰি, এপল' মিলৰ সামগ্ৰীৰ চুৰিকাণ্ডৰ লগত এটা বৃহৎ চক্ৰ জড়িত হৈ আছে ৷ এপল' মিল বন্ধ হোৱাৰ পিছৰে পৰা দিনে-নিশাই মিলটোৰ পৰা প্ৰায় কোটি টকাৰ সা-সামগ্ৰীবোৰ চুৰি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে । ইফালে তুলসীবাৰী আৰক্ষীয়ে এই চক্ৰটোক উৎখাত কৰাৰ বাবে আৰম্ভ কৰিছে তদন্ত ।

উল্লেখ্য যে, 2016 চনৰ পৰা বন্ধ হৈ থকা এপল' মিলটো পুনৰুজ্জীৱিত কৰাৰ দাবীত প্ৰায়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে মিলটোৰ কৰ্মচাৰী সকলে ৷ কৰ্মচাৰী সকলৰ প্ৰতিবাদৰ ভিত্তিতে এইবাৰ বাজেটত ৰাজ্য চৰকাৰে ৰঙিয়াৰ তুলসীবাৰীৰ এপ'ল মিলৰ বাবে (Rangiya Apolo Mill) ধাৰ্য কৰিছে ১২ কোটি টকা ৷

লগতে পঢ়ক:এপল মিল পুনৰুজ্জীৱিত কৰাৰ দাবীত ঘাইপথ অৱৰোধ

যোৱা চাৰে চাৰি বছৰে বন্ধ হৈ থকা মিলটোৰ শ্ৰমিক সকলক ভি আৰ এছ প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে বাজেট অধিৱেশনত সিদ্ধান্ত গ্ৰহণ কৰিছে । এপ'ল মিলৰ ভূমি আৰু সম্পত্তিসমূহ চৰকাৰে গ্ৰহণ কৰি তাত অন্য ঔদ্যোগিক প্ৰতিষ্ঠান স্থাপনৰ ব্যৱস্থা কৰিব । লগতে এপ'ল মিলৰ সকলো লেনা-দেনা পৰিশোধ কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় বাজেটত ।

মন কৰিবলগীয়া যে, এবছৰ পূৰ্বেও বাজেট অধিৱেশনত এপ'ল মিলৰ কৰ্মচাৰীসকলৰ বাবে ভিআৰএছৰ পোন্ধৰ কোটি টকা ধাৰ্য কৰা হৈছিল । কিন্তু সেই কথা বহুলভাবে প্ৰচাৰিত হৈছিল । কিন্তু ভিআৰএছৰ ধনৰাশি আজিকোপতি ৰাজ্য চৰকাৰে মোকলাই নিদিলে বুলি একাংশ লোকে অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক: বাজেট 2021-22: ৰঙিয়াৰ এপ'ল মিলৰ কৰ্মচাৰীলৈ ভাল খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.