ETV Bharat / state

বজাৰৰ অভাৱত ক্ৰমাৎ হ্ৰাস পোৱাৰ দিশে চিৰসেউজ লাম্পীৰ কুছিফুল

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বকোৰ লাম্পী হৈছে এখন জনজাতীয় অঞ্চল ৷ বিশেষকৈ খাচী আৰু গোৰ্খা সম্প্ৰদায়ৰ লোকৰ বসতিস্থল লাম্পী অঞ্চল ৷ এই লাম্পীতে শীতকালত হাজাৰ-হাজাৰ বিঘা মাটিত উৎপাদন হয় কুছিফুল অৰ্থা ঝাড়ু ৷ লাম্পীবাসীয়ে উৎপাদন কৰা ঝাড়ু দেশৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হয় ৷ ৰাজস্থান, মুম্বাই, কলিকতা আদি স্থানলৈ ৰপ্তানি হয় ঝাড়ু ৷

broom-cultivition-at-boko-lampee
উপযুক্ত বজাৰৰ অভাৱত ক্ৰমাৎ কমি আহিছে চিৰসেউজ লাম্পীৰ কুছিফুল
author img

By

Published : Feb 14, 2021, 7:46 PM IST

বকো, 14 ফেব্ৰুৱাৰী : প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বকোৰ লাম্পী হৈছে এখন জনজাতীয় অঞ্চল ৷ বিশেষকৈ খাচী আৰু গোৰ্খা সম্প্ৰদায়ৰ লোকৰ বসতিস্থল লাম্পী অঞ্চল ৷ এই লাম্পীতে শীতকালত হাজাৰ-হাজাৰ বিঘা মাটিত উৎপাদন হয় কুছিফুল অৰ্থা ঝাড়ু ৷ লাম্পীবাসীয়ে উৎপাদন কৰা ঝাড়ু দেশৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হয় ৷ ৰাজস্থান, মুম্বাই, কলিকতা আদি স্থানলৈ ৰপ্তানি হয় ঝাড়ু ৷

কিন্তু তেওঁলোকে কষ্ট কৰি উৎপাদন কৰা ঝাড়ুৰ উচিত বজাৰ মূল্য নাপাই বৰ্তমান হতাশ হৈ পৰিছে কুছি খেতিয়ক সকলে ৷ উপযুক্ত বজাৰ, বিজ্ঞানসন্মত সংৰক্ষণৰ অভাৱত কুছিফুল কেঁচাই কেঁচাই পানীৰ দৰত বিক্ৰী কৰিব লগা হৈছে ৷ যাৰবাবে প্ৰায় 30-40 টকা দৰত বিক্ৰী হয় কুছিফুল ৷

উপযুক্ত বজাৰৰ অভাৱত ক্ৰমাৎ কমি আহিছে চিৰসেউজ লাম্পীৰ কুছিফুল

আনহাতে, কৃষি অৰ্থনীতিলৈ বিশেষ অৰিহনা যোগোৱা কুছিফুল সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰৰ কৃষি বিভাগেও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷ আনকি, আজিকোপতি নিৰ্ধাৰণ নকৰিলে কুছিফুলৰ বজাৰ মূল্য ৷ যাৰবাবে মধ্যভোগীয়ে ইচ্ছানুসাৰে নিৰ্ধাৰণ কৰে কুছিফুলৰ বজাৰ মূল্য ৷

ইফালে, লাম্পীবাসীয়ে শীঘ্ৰে চৰকাৰৰ পৰা কুছিফুল অৰ্থাৎ ঝাড়ুৰ বজাৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনাইছে ৷ নহ'লে সময়ৰ গতিত হেৰাই যাব পাৰে লাম্পীৰ কুছিফুল ৷

লগতে পঢ়ক : পানীত বুৰ গৈ থকা এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.