কামৰূপ, 18 জানুৱাৰীঃ বিবাহৰ পবিত্ৰ বান্ধোনেৰে বান্ধ খোৱাৰ দিনটোতো অসমীয়াই সাব্যস্ত কৰিবলগীয়া হৈছে প্ৰতিবাদ ৷ যিটো সময়ত চৰকাৰে ৰাইজৰ বিৰুদ্ধে গৈ বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) আইন, 2019 জাপি দিছে, তেনে সময়তে বিয়াৰ দিনটোতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে এহাল নৱবিবাহিত দম্পতীয়ে ৷
হাজোৰ দদৰাত শনিবাৰে নিকাহ সম্পন্ন হয় ইছলামপুৰৰ শিক্ষক আফতাৰ আলীৰ কন্যা চুৱেনা চুলতানা আৰু হাজো বৰ্ণিৰ শিক্ষক চফুৰুদ্দিন আহমেদৰ পুত্ৰ চায়েদুৰ ৰহমানৰ ৷ নিজৰ নিকাহৰ দিনটোতে দুয়ো দৰা-কইনাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ হাতত প্লেকাৰ্ড লৈ কৰা প্ৰতিবাদত বিবাহস্থলীত উপস্থিত থকা সকলোৱে দুয়ো দৰা-কইনাকে সমৰ্থন আগবঢ়ায় ৷