ETV Bharat / state

ড০ ৰাণা শৰ্মাৰ 'জিঅগ্ৰাফী অৱ ৰিভাৰ্ছ' গ্ৰন্থ উন্মোচন

উন্মোচিত হ'ল ড০ ৰাণা শৰ্মাৰ 'জিঅগ্ৰাফী অৱ ৰিভাৰ্ছ' নামৰ গ্ৰন্থখন । পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত অনুষ্ঠিত এখন সভাত গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অৱনী কুমাৰ ভাগৱতীয়ে । ভাৰতবৰ্ষৰ ১৬ খন নদী আৰু ইয়াৰ উপনৈসমূহৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়োৱা হৈছে 'জিঅগ্ৰাফী অৱ ৰিভাৰ্ছ' নামৰ গ্ৰন্থখনত ।

উন্মোচিত হ'ল ড০ ৰাণা শৰ্মাৰ 'জিঅগ্ৰাফী অৱ ৰিভাৰ্ছ' নামৰ গ্ৰন্থখন

author img

By

Published : Jan 29, 2021, 8:46 PM IST

দক্ষিণ কামৰূপ, ২৯ জানুৱাৰী: শুক্ৰবাৰে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত 'জিঅগ্ৰাফী অৱ ৰিভাৰ্ছ' নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয় । পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰাণা শৰ্মাই ইংৰাজী ভাষাত লিখি উলিওৱা এই গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অৱনী কুমাৰ ভাগৱতীয়ে । ড০ ৰাণা শৰ্মাই লকডাউনৰ সময়চোৱাত এই গ্ৰন্থখন লিখি উলিয়াইছিল ।

উন্মোচিত হ'ল ড০ ৰাণা শৰ্মাৰ 'জিঅগ্ৰাফী অৱ ৰিভাৰ্ছ' নামৰ গ্ৰন্থখন

ভাৰতবৰ্ষৰ ১৬ খন নদী আৰু ইয়াৰ উপনৈসমূহৰ বিষয়ে বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে 'জিঅগ্ৰাফী অৱ ৰিভাৰ্ছ' নামৰ গ্ৰন্থখনত । 'জিঅগ্ৰাফী অৱ ৰিভাৰ্ছ' নামৰ গ্ৰন্থখন প্ৰকাশ কৰে ইষ্ট্ৰন বুক প্ৰিন্টাৰ নামৰ প্ৰকাশক গোষ্ঠীয়ে । গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, শিক্ষা বিষয়া গীতিমণি ফুকন, শিক্ষা বিষয়া চিন্ময় তালুকদাৰ, কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰবক্তা আৰু ছাত্র-ছাত্ৰীসকল ।

লগতে পঢ়ক:প্ৰয়াত ৰমেশ চন্দ্ৰ বৰাৰ সোঁৱৰণত স্মৃতিচাৰণ সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.