বকো, 17 ফেব্ৰুৱাৰী : বকোৰ ৰাজাপাৰাৰ সমীপৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে আবেলি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । স্থানীয় লোক সদৰি কৰা মতে এখন বাছে নিয়ন্ত্ৰণ হেৰুৱাই এজন বাইক আৰোহীক খন্দিওৱা লগতে ঘাইপথ সমীপৰৰ এটা ঘৰত সোমাই পৰে ৷
দূুৰ্ঘটনাত নিলপৱন মালী নামৰ বাইক আৰোহীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । বৰ্তমান নিলপৱন মালীক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিছে স্থানীয় লোকে ।
দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ নম্বৰ AS-01-LC-2607। ইফালে বাইকখনৰ নম্বৰ AS-01-EL-4468। আঘাতপ্ৰাপ্ত নিলপৱনৰ ঘৰ ছয়গাঁৱৰ গোৱৰ্ধনত বুলি জানিবলৈ দিলে স্থানীয় লোকে ।
লগতে পঢ়ক: দ্বিতীয় পর্যায়ত ১৫,১৬০ গৰাকী ছাত্ৰীক ড° বাণীকান্ত কাকতি মেধা বঁটা প্রদান