বকো,18 মাৰ্চ: বকোত প্ৰাক্তন বিধায়কৰ হাতত পিষ্টল উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ জানিব পৰা মতে, ফ্লায়িং স্কোৱাড আৰু আৰক্ষীৰ নিয়মীয়া তালাচীত মেঘালয়ৰ পশ্চিম খাচী পাহাৰ জিলাৰ মাউটিংকুতৰ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ফ্ৰাঞ্চিছ পণ্ডিত আৰ চাংমা পৰা এটা 7.65 এম এম পিষ্টল আৰু ১৮ জাঁই গুলী জব্দ কৰা হয় ৷
উল্লেখ্য যে, জব্দ কৰাৰ পাচতে কোনো বৈধ নথি-পত্ৰ দেখুৱাব পৰা নাই আৰ চাংমাই ৷ মেঘালয়ৰ পৰা শ্বিলঙৰ ML 05 K 7471 নম্বৰৰ স্কৰপিঅ' বাহনেৰে উলিয়ামনগৰলৈ গৈ থকা পথত প্ৰাক্তন বিধায়কজনৰ পৰা জব্দ কৰা হয় নথি-পত্ৰবিহীন এই মাৰণাস্ত্ৰ ৷
লগতে পঢ়ক: তুংগত উঠিছে ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ