বকো, 8 ছেপ্তেম্বৰঃ বকো সমষ্টিবাসীৰ ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থা বৃদ্ধি কৰা আৰু ক্ষিপ্ৰতাৰে মোকৰ্দমা নিষ্পত্তি কৰাৰ স্বাৰ্থত বকোত এখন ন্যায়িক দণ্ডাধীশৰ আদালত স্থাপন কৰা হয়৷ বকোৰ আগছিয়াত স্থাপন কৰা ন্যায়ালয়খন শনিবাৰে বিয়লি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই৷ নতুনকৈ স্থাপিত আদালতখনত বকো আৰু নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত এলেকাৰ কেচ-মোকৰ্দমা সমূহ নিষ্পত্তি কৰা হ’ব৷ ন্যায়ালয়খনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জিলা সত্ৰ ন্যায়ালয়ৰ ন্যায়াধীশ চেলিনা বেগম, কামৰূপ জিলা উকিল সন্থাৰ সভাপতি শচীন চন্দ্ৰ নাথ, বকো উকিল সন্থাৰ সভাপতি নৱ কুমাৰ কলিতা সৈতে বহুসংখ্যক বিশিষ্ট ব্যক্তি৷ ভৱিষ্যতে বকোত মহকুমা পৰ্যায় আৰু দেৱানী ন্যায়ালয় স্থাপন কৰা হ’ব বুলিও মন্তব্য প্ৰদান কৰে ন্যায়াধীশ উজ্জ্বল ভূঞাই ।
বকোত ন্যায়িক দণ্ডাধীশৰ আদালত স্থাপন - গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা
বকোত ন্যায়িক দণ্ডাধীশৰ আদালত স্থাপন৷ বকোৰ আগছিয়াত স্থাপন কৰা ন্যায়ালয়খন শনিবাৰে বিয়লি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই
বকো, 8 ছেপ্তেম্বৰঃ বকো সমষ্টিবাসীৰ ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থা বৃদ্ধি কৰা আৰু ক্ষিপ্ৰতাৰে মোকৰ্দমা নিষ্পত্তি কৰাৰ স্বাৰ্থত বকোত এখন ন্যায়িক দণ্ডাধীশৰ আদালত স্থাপন কৰা হয়৷ বকোৰ আগছিয়াত স্থাপন কৰা ন্যায়ালয়খন শনিবাৰে বিয়লি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই৷ নতুনকৈ স্থাপিত আদালতখনত বকো আৰু নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত এলেকাৰ কেচ-মোকৰ্দমা সমূহ নিষ্পত্তি কৰা হ’ব৷ ন্যায়ালয়খনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জিলা সত্ৰ ন্যায়ালয়ৰ ন্যায়াধীশ চেলিনা বেগম, কামৰূপ জিলা উকিল সন্থাৰ সভাপতি শচীন চন্দ্ৰ নাথ, বকো উকিল সন্থাৰ সভাপতি নৱ কুমাৰ কলিতা সৈতে বহুসংখ্যক বিশিষ্ট ব্যক্তি৷ ভৱিষ্যতে বকোত মহকুমা পৰ্যায় আৰু দেৱানী ন্যায়ালয় স্থাপন কৰা হ’ব বুলিও মন্তব্য প্ৰদান কৰে ন্যায়াধীশ উজ্জ্বল ভূঞাই ।
BYTE_ উজ্জ্বল ভূঞা, ন্যায়াধীশ।
BYTE_ নব কুমাৰ কলিতা, বকো উকিল সন্থাৰ সভাপতি।Conclusion: