ETV Bharat / state

চৰকাৰৰ নিৰ্দেশনাক ভেঙুচালিঃ বকোত অবৈধ ইটা ভাটা স্থাপন

author img

By

Published : Jan 5, 2021, 3:54 PM IST

Updated : Jan 5, 2021, 6:36 PM IST

জিলা প্ৰশাসনৰ চকুত ধূলি দি একাংশ অসাধু ব্যৱসায়ীয়ে বকোত গঢ়ি তুলিছে অবৈধ ইটা ভাটা । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ নীতি-নিৰ্দেশনালৈ অংগুষ্ঠ প্ৰদৰ্শন কৰি বকোৰ তাৰাবাৰী,জালুকবাৰী আাদি অঞ্চলত অবৈধভাৱে স্থাপন কৰা হৈছে ইটা ভাটা । এই অভিযোগ একাংশ স্থানীয় লোকৰ ৷

বকোত অবৈধ ইটা ভাটা স্থাপন
বকোত অবৈধ ইটা ভাটা স্থাপন

বকো, ৫ জানুৱাৰী: চৰকাৰৰ নীতি-নিৰ্দেশনাক আওকাণ কৰি বকোত একাংশ অসাধু ব্যৱসায়ীয়ে অবৈধভাৱে চলাই আহিছে ইটাৰ ব্যৱসায়। অবৈধভাৱে স্থাপন কৰিছে ইটা ভাটা। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ নিয়ম অনুসৰি,জনাঞ্চলৰ ৩০০-৫০০ মিটাৰ পৰ্যন্ত দূৰত্বত ইটা ভাটা স্থাপন কৰিব পাৰি । কিন্তু চৰকাৰী নিয়মাৱলীক অংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ ব্যৱসায়ীয়ে নিজ ইচ্ছামতে অবৈধভাৱে ইটা ভাটা গঢ়ি তুলিছে ।

চৰকাৰৰ নিৰ্দেশনালৈ ভেঙুচালি কৰি বকোত অবৈধ ইটা ভাটা স্থাপন

বকোৰ তাৰাবাৰী,জালুকবাৰী আাদি অঞ্চলত গঢ়ি উঠিছে কেইবাটাও অবৈধ ইটা ভাটা । ফলত জনস্বাস্থ্য,কৃষিপথাৰৰ লগতে পৰিৱেশৰ প্ৰতি ভাবুকি আহি পৰিছে । কিন্তু আশ্চৰ্যজনকভাৱে এই ইটা ভাটাসমূহ বন্ধ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে,ইটা ভাটাসমূহৰ বিষয়ে প্ৰশাসন অৱগত নহয় নে সকলো জানিও প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই । এইদৰে জনাঞ্চলৰ সমীপত ইটা ভাটা গঢ় লৈ উঠিলে কেৱল অসাধু ব্যৱসায়ীৰ লাভ হ'ব আৰু ৰাইজে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব ।

লগতে পঢ়ক:গুৱাহাটী প্ৰেছ ক্লাবত বিনামূলীয়া চিকিৎসা শিবিৰ

Last Updated : Jan 5, 2021, 6:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.