বকো,14 জানুৱাৰী : ভোগালী বিহু উপলক্ষে ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিভিন্ন পৰম্পৰাগত খেল ধেমালিৰ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ দক্ষিণ কামৰূপৰ বকোৰ চুকুনীয়াপাৰাত ভোগালী উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷
![boko-bihu-traditional-game](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10243538_boko1.jpg)
উক্ত পৰম্পৰাগত খেল ধেমালিৰ প্ৰতিযোগীতাসমূহ উপভোগ কৰিবলৈ উপস্থিত হয় বহু লোক ৷
![boko-bihu-traditional-game](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10243538_boko.jpg)
আমাৰ সমাজৰ পৰা হেৰাই যাব ধৰা পৰম্পৰাগত খেল ধেমালিবোৰ ধৰি ৰাখিবলৈ আয়োজন কৰা এই কাৰ্যসূচীৰ বাবে আয়োজক সমিতিৰ শলাগ লয় ৰাইজে ৷ এই পৰম্পৰাগত খেল ধেমালিৰ কাৰ্যসূচীত উপস্থিত হৈ ৰাইজে বিহু গান গাই নাচি বাগি আনন্দ কৰে ৷
লগতে পঢ়ক: বিশ্বনাথত বন বিভাগৰ কাৰ্যালয়ত অগ্নিসংযোগ স্থানীয় ৰাইজৰ