ETV Bharat / state

ড্ৰাগছ সৰবৰাহৰ অভিযোগত ধৃত বিজেপি কৰ্মীক দলৰ পৰা বহিষ্কাৰ - বিজেপি কৰ্মী প্ৰদীপ চৌধুৰীক বহিষ্কাৰ

শুকুৰবাৰে ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল বিজেপি কৰ্মী প্ৰদীপ চৌধুৰীক ৷ যাৰ পাছত দলীয় নেতৃত্বই এক সংবাদমেলৰ আয়োজন কৰি প্ৰদীপ চৌধুৰীক দলৰ পৰা বহিষ্কাৰ কৰে ৷

bjp-worker-arrested-on-drugs-smuggling-charges-expelled-from-party
ড্ৰাগছ ব্যৱসায়ৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিজেপি কৰ্মীক দলৰ পৰা বহিষ্কাৰ
author img

By

Published : Jun 14, 2021, 12:12 PM IST

ৰঙিয়া, 14 জুন : ৰঙিয়াত ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিজেপি কৰ্মীক তৎকালীনভাৱে বহিষ্কাৰ কৰিলে উত্তৰ কামৰূপ বিজেপিয়ে । ৰঙিয়াৰ গড়কাপ্তানী আৱৰ্ত ভৱনত সংবাদমেলৰ আয়োজন কৰি ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিজেপি কৰ্মী প্ৰদীপ চৌধুৰীক বহিষ্কাৰ কৰাৰ কথা ৰাজহুৱা কৰিলে উত্তৰ কামৰূপ বিজেপিৰ নেতৃত্বই ।

ড্ৰাগছ ব্যৱসায়ৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিজেপি কৰ্মীক দলৰ পৰা বহিষ্কাৰ

উল্লেখ্য যে, শুকুৰবাৰে ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই ৰঙিয়াৰ উদিয়ানা নিবাসী তথা বিজেপি কৰ্মী প্ৰদীপ চৌধুৰীক ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল । সংবাদমেলত উত্তৰ কামৰূপ বিজেপিৰ উপ সভাপতি ভৱেশ ডেকাই কয় যে, "গ্ৰেপ্তাৰ হোৱা প্ৰদীপ চৌধুৰী বিজেপি নেতা নাছিল ৷ প্ৰদীপ চৌধুৰী আছিল বিজেপিৰ এগৰাকী সাধাৰণ কৰ্মীহে" । ইফালে যদি বিজেপিৰ গইনা লৈ কোনো নেতা-কৰ্মীয়ে ক’লা ব্যৱসায়ত জড়িত হয়, তেন্তে তেওঁলোকৰ বিৰুদ্ধে ৰঙিয়া বিজেপি কঠোৰ হ’ব বুলি সকীয়াই দিয়ে ডেকাই । তদুপৰি ক’লা ব্যৱসায় অথবা ড্ৰাগছ ব্যৱসায়ীক দৃষ্টান্তমূলক শাস্তি বিহাৰ বাবে আৰক্ষী প্ৰশাসনক ৰঙিয়া বিজেপিয়ে সহায় কৰিব বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ।

তেওঁ লগতে কয় যে, বিজেপি এটা বৃহৎ দল, বিজেপি দলত অন্তৰ্ভুক্ত কৰা মুহুৰ্তত কোনে কি কৰে সেয়া চোৱা হোৱা নাছিল । কিন্তু অনাগত দিনত নতুন কৰ্মীক অন্তৰ্ভুক্ত কৰিলে প্ৰথমে চৰিত্ৰ আৰু কি কৰ্ম কৰিছিল তাৰ ওপৰত গুৰুত্ব দিয়া হ’ব ৷ আনহাতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা প্ৰদীপ চৌধুৰীৰ সাংসদ দিলীপ শইকীয়া, প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, বিজেপি নেতা যতীন বৰা, নিপন ভূঞা, লিটন কলিতাৰ ঘনিষ্ঠ নহয় বুলিও সংবাদমেলত সদৰী কৰে ভৱেশ ডেকাই ।

লগতে পঢ়ক: ৰাইজৰ সমস্যা সমাধানৰ বাবে তৎপৰ বিজেপি চৰকাৰ: ৰূপক শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.