ETV Bharat / state

জয়া কলিতাক ব্লেকমেইলাৰ আখ্যা দি প্ৰকৃত পৰিচয় বিচাৰিলে জনপ্ৰতিনিধিয়ে - Allegation against Joya Kalita

অভিযোগকাৰীৰ বিৰূদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি ৰঙিয়াত সম্বোধন কৰা হ’ল সংবাদমেল ৷ জয়া কলিতা নামৰ এগৰাকী যুৱতীয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ(BJP President Bhabesh Kalita) বিৰুদ্ধে চাকৰিৰ নামত ধন লোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে সমগ্ৰ ঘটনাত সাঙোৰ খুওৱা হৈছে পঞ্চায়ত প্ৰতিনিধিৰ নাম ৷ এইবাৰ পঞ্চায়ত প্ৰতিনিধিয়ে উভতি ধৰিলে অভিযোগকাৰী জয়া কলিতাক ৷

জয়া কলিতাক ব্লেকমেইলাৰ আখ্যা দি প্ৰকৃত পৰিচয় বিচাৰিলে জনপ্ৰতিনিধিয়ে

author img

By

Published : Sep 13, 2022, 7:23 PM IST

Updated : Sep 13, 2022, 7:30 PM IST

ৰঙিয়া, 19 ছেপ্টেম্বৰ: ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা জয়া কলিতা নামৰ যুৱতীগৰাকীৰ বিৰুদ্ধে ৰঙিয়াত সংবাদ মেল ৷ সংবাদমেল সম্বোধন কৰি কামৰূপ জিলা পৰিষদৰ সদস্য লিটন কলিতা আৰু ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ(Rangia Panchayant) সভানেত্ৰী শিপ্ৰা দাসে জয়া কলিতাৰ বিৰুদ্ধে উত্থাপন কৰিলে কেইবাটাও গুৰুতৰ অভিযোগ ।

ব্লেক মেইলিঙৰ অভিযোগ উত্থাপন কৰা হৈছে জয়া কলিতাৰ বিৰুদ্ধে(Allegation against Joya Kalita) । অভিযোগ অনুসৰি ৫০ হেজাৰ টকা ব্লেক মেইলিং কৰিছিল জয়া কলিতাই । শ্ৰিপ্ৰা দাসৰ এন আৰ চিত নাম নাই বুলি প্ৰচাৰ চলাইছিল জয়া কলিতাই । পৰৱৰ্তী সময়ত শ্ৰিপ্ৰা দাস আৰক্ষীৰ কাষ চপাত জয়া কলিতাই লিখিতভাৱে ক্ষমা বিচাৰিছিল বুলি জানিবলৈ দিয়ে শিপ্ৰা দাসে ৷

জয়া কলিতাক ব্লেকমেইলাৰ আখ্যা দি প্ৰকৃত পৰিচয় বিচাৰিলে জনপ্ৰতিনিধিয়ে

জয়া কলিতাই শিপ্ৰা দাসক লিখিতভাৱে ক্ষমা খোজাৰ তথ্যও দাঙি ধৰিলে লিটন কলিতা আৰু শিপ্ৰা দাসে । আনহাতে জয়া কলিতাৰ পৰিচয়ক লৈও সন্দেহ প্ৰকাশ কৰে ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাসে ৷ জয়া কলিতা নে জয়া বেগম সেয়া স্পষ্ট কৰিবলৈ আহ্বান জনায় শিপ্ৰা দাসে ।

উল্লেখ্য যে, 2018 চনত ৰাজ্য চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী হৈ থকা সময়তে বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই (BJP President Bhabesh Kalita) তেওঁৰে সমষ্টিৰ জয়া কলিতা নামৰ যুৱতীগৰাকীৰ পৰা চাকৰি দিয়াৰ নামত তিনি লাখ টকা বিচৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ উক্ত ঘটনাৰ লগত ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাসৰ লগতে কামৰূপ জিলা পৰিষদৰ সদস্য লিটন কলিতা জড়িত থকাৰো অভিযোগ উত্থাপন কৰিছিল জয়া কলিতা নামৰ যুৱতীগৰাকীয়ে ৷

লগতে পঢ়ক: ভবেশ কলিতাৰ হুংকাৰে টলাব পৰা নাই জয়া কলিতাক

Last Updated : Sep 13, 2022, 7:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.