বাইহাটা, 31 মে': নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰি আমি জনতাক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিলো । ৰাইজৰ স্বাৰ্থতে 'কা' ৰূপায়নৰ পদক্ষেপ গ্ৰহন কৰা হৈছে । কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত সুন্দৰীশাল সত্ৰত মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই এই মন্তব্য প্ৰকাশ কৰে ।
'কা' ৰূপায়ন হ’লে ৰাজ্যৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদৰ হুংকাৰ দিয়া কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ গৰাকীয়ে লোকসভা আৰু ৰাজ্য সভাত গৃহীত হোৱা আইন এখন কাৰ্যকৰীকৰণত বাধা প্ৰদান কৰাটো অযুক্তিকৰ বুলিও মত পোষণ কৰে ।
ইফালে ভয়াবহ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত সাংসদ গৰাকীয়ে শীঘ্ৰেই খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ হ’ব বুলি সদৰি কৰে । মিঠাতেলকে ধৰি কিছু অত্যাৱশ্যকীয় সামগ্ৰীৰ ভেজাল নোহোৱা হোৱাৰ বাবেই মূল্যবৃদ্ধিৰ কিছু সমস্যাৰ সৃষ্টি হৈছে যদিও অতি সোনকালে এয়া নিয়ন্ত্ৰণ হ’ব বুলিও সাংসদ গৰাকীয়ে মত পোষণ কৰে ।
চৰকাৰে মূল্যবৃদ্ধিৰ দিশটো পুংখানুপুংখ ভাবে পৰ্যালোচনা কৰি আছে আৰু এইক্ষেত্ৰত শীঘ্ৰেই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।
বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে সুন্দৰীশাল এক নং সত্ৰত উপস্থিত হৈ অভাৱগ্ৰস্ত একাংশ লোকক খাদ্য সামগ্ৰী বিতৰণ কৰি সকলো লোককে কৰ’ণা সংক্ৰান্তত চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি চলিবলৈ আহ্বান জনায় । সাংসদ গৰাকীয়ে কমলপুৰ সমষ্টিৰ সত্ৰ সমুহ জাকত জিলিকা কৰি তোলাৰ এক পদক্ষেপ গ্ৰহন কৰা হ’ব বুলিও উপস্থিত ৰাইজক জানিবলৈ দিয়ে ।
কৰ’ণা মহামাৰী সংহাৰৰ প্ৰকোপ কিছু কমিলেই ৰাইজে উন্নয়নৰ অন্য এক চিত্ৰ দেখিবলৈ সক্ষম হ’ব বুলিও সদৰি কৰে । সাংসদ গৰাকীয়ে খাদ্য সামগ্ৰীৰ লগতে মাস্ক, চেনিটাইজাৰ বিতৰণ কৰা কাৰ্যসূচীত উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ।
লগতে পঢ়ক : উলুৱনী আৰক্ষীৰ জালত পাঁচ জুৱাৰী