ETV Bharat / state

মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাত সফল হৈছে ভাৰতীয় জনতা পাৰ্টি ! - সংবাদমেল

কংগ্ৰেছৰ শাসকৰ লুলোপ দৃষ্টি আছিল কেৱল অসমৰ সম্পদৰ প্ৰতিহে । অসমৰ সম্পদ লুণ্ঠন কৰাটোৱেই কংগ্ৰেছৰ লক্ষ্য বুলি মন্তব্য লোকসভা মিডিয়া বিভাগৰ সদস্য ধ্ৰৱপ্ৰসাদ বৈশ্যৰ ৷

BJP
author img

By

Published : Apr 10, 2019, 5:56 PM IST

গুৱাহাটী , 10 এপ্ৰিলঃ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ হেঙেৰাবাৰীৰ কাৰ্যালয়ত সংবাদমেল ৷ সংবাদমেলত কংগ্ৰেছ আৰু এ আই ইউ ডি এফক কঠোৰ শব্দৰে সমালোচনা কৰে ৰাজ্যিক লোকসভা মিডিয়া বিভাগৰ সদস্য ধ্ৰৱপ্ৰসাদ বৈশ্যই ৷

মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাত সফল হৈছে ভাৰতীয় জনতা পাৰ্টি !

অসমবাসী মাতৃয়ে জানে যে কংগ্ৰেছৰ শাসন মানেই অসমবাসীৰ বাবে শোষণ, বঞ্চনা,নিপীড়ন,অত্যাচাৰৰ শাসন । কংগ্ৰেছে কোনো কালেই অসমবাসীৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰা নাই । কংগ্ৰেছৰ শাসকৰ লুলোপ দৃষ্টি আছিল কেৱল অসমৰ সম্পদৰ প্ৰতিহে । অসমৰ সম্পদ লুণ্ঠন কৰাটোৱেই কংগ্ৰেছৰ লক্ষ্য বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ৷

স্বাধীনতাৰ সময়তেই অসমৰ নেতৃত্বই অসমক পূব পাকিস্তানৰ লগত অন্তৰ্ভূক্ত কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল কংগ্ৰেছে ৷ কিন্তু ষড়যন্ত্ৰ বিফল হোৱাৰ পাচতো কংগ্ৰেছ নেতৃত্বই অসমৰ প্ৰতি মাহী আইৰ দৃষ্টি ভংগী লৈ আহিছে । উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ আৰু এন ডি এ চৰকাৰ ভাৰতীয় জনতা পাৰ্টী এটা মুদ্ৰাৰ ইপিঠি সিপিঠি আৰু কংগ্ৰেছ মানেই অসমক প্ৰৱঞ্চনা কৰা ইতিহাস বুলিও সংবাদমেলখনত নেতাগৰাকীয়ে মন্তব্য আগবঢ়াই ।

A_GHY_10APR_801_BJP_PC_VIS_BYT_AKASH
বুধবাৰে  ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ হেঙেৰাবাৰীৰ কাৰ্য্যালয়ত   ৰাজ্যিক লোকসভা মিডিয়া বিভাগৰ সদস্য ধ্ৰৱপ্ৰসাদ বৈশ্য  এখনি সংবাদমেল সম্বোধন কৰে । সংবাদমেলত কংগ্ৰেছ আৰু AIUDF ক কঠোৰ শব্দৰে সমালোচনা কৰে নেতা গৰাকীয়ে । বৈশ্য মন্ত্যৱ নিৰ্বাচন অহাৰ লগে লগে যেন অসমৰ প্ৰতি কংগ্ৰেছৰ প্ৰেম উথলি উঠিছে, প্ৰতিশ্ৰুতিৰ বন্যা বৈছে। অসম বাসী মাতৃয়ে জানে যে কংগ্ৰেছৰ শাসন মানেই অসমবাসীৰ বাবে শোষণ, বঞ্চনা,নিপীড়ন,অত্যাচাৰৰ শাসন। কংগ্ৰেছে কোনো কালেই অসমবাসীৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰা নাই আৰু অসমৰ জনসাধাৰণক নিজৰ বুলি কোৱা নাই। 

কংগ্ৰেছৰ শাসকৰ লোলোপ দৃষ্টি আছিল কেৱল অসমৰ সম্পদৰ প্ৰতিহে। অসমৰ সম্পদ লুণ্ঠন কৰাটোৱেই কংগ্ৰেছৰ লক্ষ্য। স্বাধীনতাৰ সময়তেই অসমৰ নেতৃত্বই অসমক পূব পাকিস্তানৰ লগত চামিল কৰিবলৈ প্ৰচেষ্টা চলাইছিল। এই ষড়যন্ত্ৰ ব্যৰ্থ হল। পৰৱৰ্তী সময়তো কংগ্ৰেছ নেতৃত্বই অসমৰ প্ৰতি মাহী আইৰ দৃষ্টি ভংগী লৈ আহিছে।

উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ আৰু এন ডি এ চৰকাৰ ভাৰতীয় জনতা পাৰ্টী এটা মুদ্ৰাৰ ইপিঠি সিপিঠি আৰু কংগ্ৰেছ মানেই অসমক প্ৰবঞ্চনা কৰা ইতিহাস। কংগ্ৰেছে এতিয়া দেশৰ বাবে চকুপানী বোৱাবলৈ আৰম্ভ কৰিছে। এইয়া ঘৰীয়ালৰ চকুপানী। কংগ্ৰেছে এটা সময়ত শ্ল গান দিছিল নিৰ্বাচনত গৰিবী হটাও। গৰিবী দূৰ নহল। গৰীব হে দূৰ হল।

এইবাৰ নিৰ্বাচনত মূল্যবৃদ্ধি এটা বিষয় হৈ থকা নাই। মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাত ভাৰতীয় জনতা পাৰ্টি সফল হৈছে। ভাৰত বৰ্ষৰ মৰ্যাদা দিনক দিনে বৃদ্ধি পাই আহিছে। এখন সবল ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হৈছে। আৰু প্ৰতিজন ভাৰতবাসী মৰ্যাদা পূৰ্ণ বিশ্বত মৰ্যাদা পূৰ্ণ নাগৰিক হিচাপে গৌৰৱ বোধ কৰিবলৈ আৰম্ভ কৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.