ETV Bharat / state

উত্তৰ কামৰূপ জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠক সম্পন্ন

author img

By

Published : Jan 5, 2021, 10:10 AM IST

উত্তৰ কামৰূপ জিলা বিজেপিৰ কাৰ্য নিৰ্বাহক বৈঠক সম্পন্ন ৷ বৈঠকখনত উপস্থিত থাকে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শ‌ইকীয়াৰ লগতে অন্যান্য জ্যেষ্ঠ বহুকেইগৰাকী দলীয় নেতা- কৰ্মী ৷

bjp executive meeting held in rangia kamrup assam etv bharat news
বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠক সম্পন্ন

ৰঙিয়া,5 জানুৱাৰী: ৰঙিয়াত সোমবাৰে অনুষ্ঠিত হয় উত্তৰ কামৰূপ জিলা বিজেপিৰ কাৰ্য নিৰ্বাহক বৈঠক ৷ ৰঙিয়াৰ আম্বেদকাৰ ভৱনত অনুষ্ঠিত এই বৈঠকত সভাপতিত্ব কৰে জিলা সভাপতি নন্দন তালুকদাৰে ৷ বৈঠকখনত উপস্থিত থাকে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শ‌ইকীয়া ৷

শইকীয়াই ভাষণ প্ৰসংগত কয় যে, ৰাজ্যত সোণোৱাল চৰকাৰে ৰাইজৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰি সু-শাসন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৷ সম বিকাশ নীতিৰে সকলো জাতি-জনগোষ্ঠীৰ সৰ্বাংগীণ উন্নয়নত সফল হৈছে ৷ পৰৱৰ্তী নিৰ্বাচনৰ বাবে সাংসদগৰাকীয়ে দলীয় কৰ্মীসকলক টঙালি বান্ধি সাজু হ’বলৈ আহ্বান জনায় ৷

bjp executive meeting held in rangia kamrup assam etv bharat news
বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠকত অংশগ্ৰহণ সাংসদ দিলীপ শইকীয়াৰ

ইয়াৰোপৰি এই কাৰ্যনিৰ্বাহকত উপস্থিত থাকে স্থানীয় বিধায়ক ভৱেশ কলিতা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, উত্তৰ কামৰূপৰ প্ৰভাৰী স্বপ্ননীল বৰুৱা, ৰাজ্যিক সম্পাদক বেণুধৰ নাথ, মহিলা মৰ্চাৰ সম্পাদিকা সুৰভী লহকৰ, জিলা উপ-সভাপতিদ্বয় ভৱেশ ডেকা আৰু বিদ্যুৎ ডেকা, সম্পাদকদ্বয় নিপন ভূঞা আৰু নৱজ্যোতি বড়োকে ধৰি বহু কেইগৰাকী দলীয় নেতা-কৰ্মী ৷

কাৰ্যনিৰ্বাহকত উপস্থিত থকা বিধায়ক কলিতাই দলটোৰ সাংগঠনিক দিশ মজবুত কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায় ৷ লগতে দলটোত নেতা হিচাপে নাথাকি প্ৰত্যেককে এগৰাকী কৰ্মী হিচাপেহে সেৱা আগবঢ়াবলৈ অনুৰোধ জনায় ৷ যাৰ দ্বাৰা দলৰ ভেটি অধিক শক্তিশালী কৰাত সহায়ক হ’ব ৷

লগতে চাওকঃ ইটিভি ভাৰতত বাতৰি সম্প্ৰচাৰৰ পিছতে গা লৰিল গড়কাপ্তানী বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.