বাইহাটা,8 মাৰ্চ: ইটোৰ পিচত আনটো দল সলনি কৰি গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ গৈ আছে বিধায়ক সত্যব্ৰত কলিতা ৷ কেপ্তেইন নোহোৱা কংগ্ৰেছত এতিয়া সত্যব্ৰত কলিতাক কেপ্তেইনৰ দায়িত্ব অৰ্পণ কৰিব বিচাৰিছে আৰু তেওঁক লৈ ফুটবল খেলিব বিচাৰিছে ৷ দেওবাৰে বাইহাটা চাৰিআলিৰ বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি কমলপুৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা মিত্ৰজোঁটৰ টিকট বঞ্চিত প্ৰাৰ্থী সত্যব্ৰত কলিতাক এইদৰে কটাক্ষ কৰে কমলপুৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতাই ৷
তদুপৰি সত্যব্ৰত কলিতাই টিকট নাপাই কংগ্ৰেছত যোগদান কৰিব বিচৰা কাৰ্যকো তীব্ৰ গৰিহণা দিয়ে দিগন্ত কলিতাই ৷ পাঁচ-ছয়বাৰকৈ দল সলনি কৰা সত্যব্ৰত কলিতা কেনেকৈ কমলপুৰৰ ভৱিষ্যৎ হ'ব বুলিও প্ৰশ্ন উত্থাপন কৰে কমলপুৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে ৷ উল্লেখ্য যে, প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈয়ে অগপ দল ত্যাগ কৰিছিল সত্যব্ৰত কলিতাই ৷ কংগ্ৰেছ মহাজোঁটৰ পৰা কমলপুৰ সমষ্টিত সত্যব্ৰত কলিতাই প্ৰতিদ্বন্দিতা কৰিব বুলিও ইতিমধ্যে চৰ্চিত হৈছে ৷ লক্ষণীয় হ'ব, সত্যব্ৰত কলিতাই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতাক পৰাস্ত কৰি পুনৰ কমলপুৰৰ শাসনৰ গাদীত বহিবলৈ সক্ষম হ'বনে নহ'ব ৷
লগতে পঢ়কঃ জাঁজীত মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাক বিপুল আদৰণি