আজাৰা, 26 ছেপ্তেম্বৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে শনিবাৰে দক্ষিণ কামৰূপৰ বৰহেৰামদো সত্ৰত উপস্থিত হয় বিজেপিৰ অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস ৷ নিজকে মহাপুৰুষ দুজনাৰ একান্ত ভক্ত বুলি কৈ ভক্তসকলৰ সৈতে নাম-কীৰ্ত্তনত অংশগ্ৰহণ কৰি মহাপুৰুষ জনালৈ সেৱা যাঁচে সভাপতি ৰণজিৎ দাসে ৷
আনহাতে, এই পৱিত্ৰ দিনটোত তেওঁ ৰাজনৈতিক বিষয়সমূহ বাদ দি নিজকে কেৱল মহাপুৰুষ দুজনাৰ একান্ত ভক্ত হিচাপে অংশ গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে ৷
লগতে পঢ়ক: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক নিযুক্ত সাংসদ দিলীপ শইকীয়া