কামৰূপ,1 মাৰ্চ: সোমবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ বাসগৃহত এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ অগপৰ সভাপতি অতুল বৰা, কেশৱ মহন্ত, ফণী ভূষণ চৌধুৰী আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে ধৰি ডিফু লোকসভা সমষ্টিৰ সাংসদ হৰেন সিং আৰু কাৰ্বিআলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাঙৰ উপস্থিতিত এক গোপন বৈঠকত মিলিত হয় ৷ আসন বুজাবুজি, চূড়ান্ত প্ৰাৰ্থীৰ তালিকা সন্দৰ্ভত এক বৈঠকত মিলিত হয় নেতা কেইগৰাকী ৷
বৈঠকৰ অন্তত সাংবাদিকৰ আগত নেতা কেইগৰাকীয়ে পৃথকে পৃথকে মন্তব্য আগবঢ়ায় ৷ প্ৰাৰ্থীৰ তালিকা সন্দৰ্ভত ৰণজিৎ দাসে কয়, তিনি-চাৰি দিনৰ ভিতৰত প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব ৷ কেৱল চাৰ্ভে ৰিপোৰ্টৰ ভিত্তিতে প্ৰাৰ্থীত্ব দিয়া নহয় ৷ এই ক্ষেত্ৰত দিল্লীয়ে ল'ব চূড়ান্ত সিদ্ধান্ত ৷
ইফালে, অগপৰ সভাপতি অতুল বৰাই কয়, চাৰি তাৰিখৰ ভিতৰত প্ৰকাশ কৰা হ'ব প্ৰাৰ্থীৰ তালিকা ৷ সোমবাৰে মাথো প্ৰাথমিক আলোচনাহে কৰা হৈছে প্ৰাৰ্থীৰ তালিকা সন্দৰ্ভত পুনৰ বৈঠক অনুষ্ঠিত হ'ব ৷
ইয়াৰোপৰি, সাংসদ দিলীপ শইকীয়াই কয়, অসম গণ পৰিষদ আমাৰ বিশ্বাসী মিত্ৰ। তেওঁলোকেও বিচাৰে বিজেপিৰ নেতৃত্বত পুনৰ অসমত এনডিএ চৰকাৰ হওঁক। বিপিএফে বিজেপিৰ একো ক্ষতি কৰিব নোৱাৰে ৷ এইবাৰ সকলো জিৰো হৈ যাব ৷
লগতে পঢ়ক: লখিমপুৰত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ