ETV Bharat / state

পলাশবাৰী সমষ্টিৰ টিকটক লৈ মিত্ৰজোঁট ভংগ হ'ব নেকি অগপ-বিজেপিৰ ?

author img

By

Published : Sep 11, 2020, 9:57 PM IST

নিৰ্বাচনী দিন চমু চাপি অহাৰ লগতে আকৰ্ষণীয় হৈ পৰিছে পলাশবাৰী সমষ্টিৰ ৰাজনীতি । পলাশবাৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই আছে ছয়গাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী কমলা কলিতাই । ইফালে,নিৰ্বাচনী দিন চমু চাপি অহাৰ লগে লগে ৰাইজৰ মাজলৈ ওলাই আহি প্ৰচাৰ চলাইছে পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাইও ।

BJP- AGP Alliance palashbari Constituency
পলাশবাৰী সমষ্টিৰ টিকটক লৈ মিত্ৰজোঁট ভংগ হ'ব নেকি অগপ-বিজেপিৰ ?

দক্ষিণ কামৰূপ, 11 ছেপ্তেম্বৰ : আগন্তুক বিধানসভা নিৰ্বাচনক লৈ পলাশবাৰী সমষ্টিত অব্যাহত আছে অগপ আৰু বিজেপিৰ যুঁজ । নিৰ্বাচনী দিন চমু চাপি অহাৰ লগতে আকৰ্ষণীয় হৈ পৰিছে পলাশবাৰী সমষ্টিৰ ৰাজনীতি । কি মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী, কি বিজেপিৰ প্ৰাৰ্থী সকলোকে লাগে 2021 চনৰ নিৰ্বাচনী টিকট । ইতিমধ্যে,পলাশবাৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই আছে ছয়গাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী কমলা কলিতাই । ইফালে, নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাইজৰ মাজলৈ ওলাই আহি প্ৰচাৰ চলাইছে পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাইও । তাৰ মাজতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগতে প্ৰকাশ কৰি কয় যে,পলাশবাৰী সমষ্টি বিজেপিৰ দখলত আছে আৰু বিজেপিৰ বিধায়ক প্ৰণৱ কলিতাই পুনৰ 2021 চনৰ বিধানসভা নিৰ্বাচনত টিকট লাভ কৰাৰ সম্ভৱনা আছে । যদিহে প্ৰণৱ কলিতাই নিৰ্বাচনী যুঁজ নিদিয়ে তেতিয়া হলে বিজেপিৰ সক্ৰিয় নেতাই লাভ কৰিব পাৰে পলাশবাৰী সমষ্টিৰ টিকট ।

শেহতীয়াভাৱে 6 গৰাকী বিজেপিৰ বিধায়কৰ লগতে পলাশবাৰীৰ বিধায়ক প্ৰণৱ কলিতাই কংগ্ৰেছ দলত যোগদান দিয়াৰ চৰ্চা বিভিন্ন মাধ্যমত প্ৰচাৰ হৈ থকাৰ সময়তে সাংবাদিকৰ প্ৰশ্নত বিধায়ক কলিতাই একেষাৰে নৎসাত কৰি আগন্তুক নিৰ্বাচনত বিজেপিৰ হৈ নিৰ্বাচন খেলিব বুলি জানিবলৈ দিয়ে ।

আনহাতে,বিগত কেইমাহমান ধৰি ছয়গাঁও সমষ্টিত ২ বাৰকৈ পৰাজিত হোৱা প্ৰাক্তন মন্ত্ৰী তথা অগপৰ সাধাৰণ সম্পাদক কমলা কলিতাও পলাশবাৰী সমষ্টিত চলাই আহিছে নিৰ্বাচনী প্ৰচাৰ । 2016 ত অগপ আৰু বিজেপি দলৰ মিত্ৰতা কৰা মুখ্য মধ্যস্ততাকাৰী কমলা কলিতাই পলাশবাৰী সমষ্টিত বিভিন্ন ধৰণেৰে নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে । অগপৰ দলে আগন্তুক নিৰ্বাচনত পলাশবাৰীৰ সমষ্টি বিচাৰিব বুলিও মন্তব্য কৰে সাধাৰণ সম্পাদক গৰাকীয়ে ।

লগতে পঢ়ক : গোলাঘাটত অনুষ্টুপীয়াকৈ পালন ষষ্ঠদশ ৰাষ্ট্ৰীয় বনশ্বহীদ দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.