গুৱাহাটী, 12 অক্টোবৰঃ শনিবাৰে বৰঝাৰ বিমান বন্দৰৰ পৰা উদ্ধাৰ কৰা হয় ‘‘Free Fire অনলাইন গেম’’ খেলিবলৈ বিশ্বনাথৰ পৰা পলাই অহা 15 বছৰীয়া এজন কিশোৰ । উদ্ধাৰ হোৱা কিশোৰজন শংকৰ দেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ৷
লক্ষ্যণীয় যে, বিশ্বনাথৰ 15 বছৰীয়া ছাত্ৰজনে অনলাইন গেমত আসক্ত হৈ অনলাইনতে দিল্লীৰ এখন টুৰ্নামেণ্টত অংশগ্ৰহণ কৰিছিল ৷ কিন্তু পৰিয়ালৰ লোকে বাধা দিয়াত বিশ্বনাথস্থিত ঘৰৰ পৰা পলাই আহি মুম্বাইলৈ বুলি SPICE JET বিমানেৰ 12.30 বজাৰ টিকট কাটিবলৈ আহোতেই সহকাৰী আৰক্ষী আয়ুক্ত প্ৰাঞ্জল বৰাৰ নেতৃত্বত আজাৰা আৰক্ষী আৰু বিমান বন্দৰৰ নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ছাত্ৰজনক ৷ ছাত্ৰজনক উদ্ধাৰ কৰি গটাই দিয়া হয় পৰিয়ালৰ লোকক ৷