ETV Bharat / state

পলাশবাৰী আৰক্ষীৰ জালত বাক্সাৰ বাইক চোৰ

author img

By

Published : Aug 19, 2020, 10:09 PM IST

পলাশবাৰী আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় বাইক চোৰক ৷ আটক কৰা চোৰজন বাক্সাৰ ৰাতুল আলী বুলি জানিব পৰা গৈছে ৷

Bike thief caught by palashbari police
পলাশবাৰী আৰক্ষীৰ জালত বাক্সাৰ বাইক চোৰ

দক্ষিণ কামৰূপ, 19 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে বুধবাৰে পলাশবাৰী আৰক্ষীয়ে কুখ্যাত বাইক চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ গোপন খবৰৰ ভিত্তিত পলাশবাৰী আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় চোৰজনক ৷ আটক কৰা চোৰজন বাক্সাৰ ৰাতুল আলী বুলি জানিব পৰা গৈছে ৷ লগতে, আৰক্ষীয়ে AS-01-EA-6358 নম্বৰৰ এখন বাইক জব্দ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দীৰ্ঘদিন ধৰি চোৰটোৱে বাইক চুৰিৰ লগত জড়িত হৈ আছিল ৷ মিৰ্জাৰ সোনতলাৰ পৰা ৰাতুল আলী নামৰ 23 বছৰীয়া বাইক চোৰজন বাইক চুৰ কৰি আহি হোটেলত খাব লওঁতে আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় । বৰ্তমান পলাশবাৰী আৰক্ষী থানাত সোধপোচ অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷

পলাশবাৰী আৰক্ষীৰ জালত বাক্সাৰ বাইক চোৰ

উল্লেখ্য যে, ঘটনাস্থলীৰ পৰা এজন লোক পলাবলৈ সক্ষম হোৱা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : চাপৰৰ আৰেয়াঝাৰ সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.