ETV Bharat / state

দক্ষিণ কামৰূপত মটৰচাইকেল আৰু মেজিকৰ সংঘৰ্ষ

author img

By

Published : Oct 26, 2020, 7:55 PM IST

মটৰচাইকেল আৰু মেজিকৰ সংঘৰ্ষত দুই যুৱক গুৰুতৰভাৱে আহত ৷ দক্ষিণ কামৰূপৰ বাটৰহাটত এই দুৰ্ঘটনা সংঘটিত হৈছে ৷ আহত দুয়োগৰাকীকে মিৰ্জাস্থিত অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও আঘাত গুৰুতৰ হোৱাত জিএমচিএইচলৈ প্ৰেৰণ ৷

দক্ষিণ কামৰূপত বাইক আৰু মেজিকৰ সংঘৰ্ষ
দক্ষিণ কামৰূপত বাইক আৰু মেজিকৰ সংঘৰ্ষ

আজাৰা, 26 অক্টোবৰ: বিজয়া দশমীৰ আনন্দ উল্লাসৰ মাজতে দক্ষিণ কামৰূপত সংঘটিত এক দুৰ্ঘটনাত দুগৰাকী যুৱক গুৰুতৰভাৱে আহত হৈছে ৷ দক্ষিণ কামৰূপৰ বাটৰহাটত এখন যাত্ৰীবাহী মেজিক আৰু মটৰ চাইকেলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত যুৱক দুগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আহত যুৱক দুগৰাকী পলাশবাৰীৰ বিশ্ব দাস আৰু ৰাতুল দাস বুলি জানিব পৰা গৈছে ৷

আহত দুই যুৱকক জিএমচিএইচলৈ প্ৰেৰণ
আহত দুই যুৱকক জিএমচিএইচলৈ প্ৰেৰণ

ছয়গাঁৱলৈ দশমীৰ পূজা চাবলৈ গৈ থকা অৱস্থাতে দুই বাইক আৰোহী বাটৰহাটৰ ৰিলায়েঞ্চ তেল ডিপুৰ সন্মুখত দুৰ্ঘটনাত পতিত হয় ৷ জানিব পৰা মতে গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখী AS-25EC-3664 মেজিক ভানখনৰ সৈতে একেটা দিশেৰে তীব্ৰবেগেৰে গৈ থকা AS-01EB -9451 নম্বৰৰ পালচাৰ বাইকৰ সংঘৰ্ষ হোৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাস্থলীত বিজয়নগৰ আৰক্ষী উপস্থিত হৈ দুয়োগৰাকী যুৱককে মিৰ্জা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও আঘাত গুৰুতৰ হোৱাত দুয়ো যুৱকক জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় ৷
লগতে পঢ়ক: ক'ভিড প্ৰট'কল মানি কাছমাৰী ঘাটত দেৱী বিসৰ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.