ETV Bharat / state

অন্য দলক নিঃশেষৰ এজেণ্ডা আছে নেকি বুলি কংগ্ৰেছক কটাক্ষ বিজেপিৰ

অসম প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো বিধায়কে শেহতীয়াকৈ দলত্যাগ কৰি বিজেপি দলত যোগদান কৰিছে ৷ এনে সময়তে কংগ্ৰেছ-বিজেপি দলৰ শীৰ্ষ নেতাৰ মাজত আৰম্ভ হৈছে বাক-যুদ্ধৰ ৷ অসম প্ৰদেশ কংগ্ৰেছ দলৰ নৱ-নিযুক্ত সভাপতি ভূপেন বৰাই শেহতীয়াকৈ অগপ আৰু ইউ পি পি এলক বিজেপিয়ে নিঃশেষ কৰিব বুলি মন্তব্য কৰিছিল ৷ কংগ্ৰেছ দলৰ সভাপতিগৰাকীৰ এই মন্তব্যৰ সন্দৰ্ভত মঙলবাৰে বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

bhupen borah vs bhabesh kolita
অন্য দলক নিঃশেষৰ এজেণ্ডা আছে নেকি বুলি কংগ্ৰেছক কটাক্ষ বিজেপিৰ
author img

By

Published : Aug 3, 2021, 5:45 PM IST

ৰঙিয়া, 3 আগষ্ট : কংগ্ৰেছ দল এতিয়া দিশহাৰা ৷ তেওঁলোকৰ নেতাৰ মাজত কাজিয়া, উপ-দলীয় সংঘাত আৰু পৰিয়াল কেন্দ্ৰিক ৰাজনীতিয়ে এতিয়া দলটোক আকাশৰ পশ্চিমলৈ লৈ গৈছে ৷ মঙলবাৰে ৰঙিয়াত উপস্থিত হৈ এই মন্তব্য কৰে বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা (BJP Assam state president Bhabesh Kolita)ই । অসম প্ৰদেশ কংগ্ৰেছ দলৰ নৱ-নিযুক্ত সভাপতি ভূপেন বৰা (Assam Pradesh state president Bhupen Borah)ই শেহতীয়াকৈ অগপ আৰু ইউ পি পি এলক বিজেপিয়ে নিঃশেষ কৰিব বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এই মন্তব্য কৰে ।

বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে অন্য দলক নিঃশেষ কৰাৰ বাবে ভূপেন বৰাৰ কিবা এজেণ্ডা আছে নেকি বুলি ওলোটাই প্ৰশ্ন উত্থাপন কৰে । তেওঁ বিজেপি দলৰ আন ধৰণৰ কোনো এজেণ্ডা নাই বুলি উল্লেখ কৰি বিজেপি দলৰ লক্ষ্য অসমৰ তিনি কোটি ত্ৰিশ লাখ লোকৰ উন্নতি সাধন কৰাহে বুলি মন্তব্য কৰে । তেওঁ লগতে কংগ্ৰেছ দলৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবেই ভাৰতৰ জনগণ অতিষ্ঠ হৈ বিজেপি দলক আঁকোৱালি লৈছে বুলি উল্লেখ কৰে ।

অন্য দলক নিঃশেষৰ এজেণ্ডা আছে নেকি বুলি কংগ্ৰেছক কটাক্ষ বিজেপিৰ

কলিতাই লগতে কয যে, অসমৰ ৰাইজৰ আশীৰ্বাদ বুটলি ২০১৬ চনত সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) আৰু ২০২১ চনত হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ৰ নেতৃত্বত বি জে পি দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে । এই ক্ষেত্ৰত দলীয় নেতৃত্বই সম্পূৰ্ণ সহযোগ কৰি যাব বুলিও উল্লেখ কৰে কলিতাই ।

আনহাতে শেহতীয়াকৈ ৰাজ্যত অনুষ্ঠিত হ’ব লগীয়া উপ নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কলিতাই কয় যে দলীয় নেতৃত্বই ইতিমধ্যে ছয়খন আসনৰ বাবে বিজেপি আৰু মিত্ৰদলে ঐক্যবদ্ধভাবে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে । অৱশ্যে আসনৰ ভাগ বতৰা সন্দৰ্ভত কোনো ধৰণৰ আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বুলি কৈ সভাপতি গৰাকীয়ে চাৰিখন বিজেপিৰ আৰু দুখন ইউ পি পি এলৰ লগত বুজাবুজি হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

লগতে পঢ়ক : উপ-নিৰ্বাচন সন্দৰ্ভত কি কলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.